NORTHEAST NOW (Assamese)
Popular Stories

শিশুক ক’ভেক্সিন প্ৰদান : কেন্দ্ৰ আৰু ভাৰত বায়’টেকলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ জাননী জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2021 2:30 pm

২ৰ পৰা ১৮ বৰ্ষীয় শিশু আৰু কিশোৰক পৰীক্ষামূলকভাৱে ক’ভেক্সিন প্ৰদানক লৈ দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু ভাৰত বায়’টেকলৈ এখন জাননী জাৰি কৰিছে।

এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই জাননী প্ৰেৰণ কৰিছে।

আবেদনখনত ক’ভেক্সিনৰ দ্বিতীয় আৰু তৃতীয়লানি পৰীক্ষাত শিশু আৰু কিশোৰক ভেকচিনবিধ প্ৰদানৰ ক্ষেত্ৰত ভাৰত বায়’টেকক ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ অনুমতি সম্পৰ্কে প্ৰশ্ন কৰা হৈছে।

মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙেৰে গঠিত বিচাৰপীঠখনে কেন্দ্ৰ আৰু ভাৰত বায়টেকক ১৫ জুলাইৰ ভিতৰত ইয়াৰ স্পষ্টিকৰণ বিচাৰিছে।