NORTHEAST NOW (Assamese)
Popular Stories

পত্নীক অপহৰণ আৰু মাৰধৰ কৰি ৰঙাঘৰৰ ভাত খালে এজন প্ৰবাসী ভাৰতীয় লোকে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2021 3:58 pm

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছত বাস কৰা এজন ভাৰতীয় লোকক ৫৬ মাহৰ বাবে কাৰাবাস প্ৰদান কৰাৰ উপৰিও মুক্তিলাভৰ পাছত তিনি বছৰৰ বাবে আৰক্ষীৰ নজৰত ৰখা হ’ব।

লোকজনক তেওঁৰ পত্নীক অপহৰণ, অনুসৰণ, ন্যায়প্ৰদানত বাধা আৰু সাক্ষ্য বিকৃতিৰ গোচৰত এই শাস্তি প্ৰদান কৰা হৈছে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফেডাৰেল আৰক্ষীৰ মতে, ২০১৯ চনৰ ৬ আগষ্টত আকুলা নামৰ লোকজনে টেক্সাছৰ পৰা মাচ্ছাছুছেট্টছৰ আগাৱামত থকা পত্নীক লগ কৰিবলৈ যায়।

সেই সময়ত তেওঁৰ পত্নী পৃথকে বাস কৰিছিল।

লগ কৰি আকুলাই পত্নীক আক্ৰমণ কৰে আৰু পত্নীৰ এপাৰ্টমেণ্টৰ পৰা জোৰজবৰদস্তি এখন কাৰত উঠাই আনে।

কাৰখনত উঠাই আনোতে পত্নীক কয় যে তেওঁলোক টেক্সাছলৈ গৈ আছে, কিন্তু টেক্সাছলৈ নগৈ পত্নীক অচিনাক্ত স্থানলৈ লৈ যায়।

তাৰপাছত তেওঁ বলপূৰ্বকভাৱে পত্নী নিয়োজিত হৈ থকা কৰ্মস্থানৰ মুৰব্বীলৈ পদত্যাগৰ ই-মেইল পঠোওৱাৰ উপৰিও পত্নীৰ লেপটপটো ভাঙি ৰাস্তাৰ কাষলৈ পেলাই দিয়ে।

আৰক্ষীয়ে অভিযোগ কৰে যে, টেনেছীৰ (Tennessee) এখন হোটেললৈ নি আকুলাই পুনৰ পত্নীক মাৰধৰ পৰে।

হোটেলৰ পৰা আকুলা উলাই আহোতেই স্থানীয় আৰক্ষী প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰে।

আনহাতে, যিসময়ত আকুলা জিম্মাত আছিল,  তেওঁৰ পত্নীৰ দেউতাকে বিষয়টো মিত-মাত কৰিবৰ বাবে ভাৰতত থকা তেওঁৰ নিজৰ পৰিয়াললৈ ফোনো কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।