NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ১৫ দিনৰ ভিতৰত কোভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা: অভয়বাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা May 20, 2021 2:27 pm
Himanta Biswa sarma in Barpeta

ৰাজ্যত শেহতীয়া কোভিড পৰিস্থিতি অতিকৈ ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোভিড পৰিস্থিতিৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা বা এক প্ৰকাৰৰ অভয়বাণী দিয়া পৰিলক্ষিত হয়।

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তেওঁ কোভিড পৰিস্থিতিৰ বুজ লৈ সংবাদমাধ্যমৰ আগত অভয়বাণী দি কয় যে ৰাজ্যত ১৫ দিনৰ ভিতৰত কোভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, পূৰ্বেও ১৫ মে’ ৰ পাছত কোভিড পৰিস্থিতি উন্নত হব বুলি তেওঁ মন্তব্য কৰিছিল যদিও কালিৰ দিনটোত ৬ সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৯ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছিল।

কোভিডৰ দ্বিতীয়তো ঢৌ এই ১৫ দিনৰ ভিতৰত উন্নত হোৱা সম্ভাৱনা আছে যদিও কোভিডৰ তৃতীয়তো ঢৌৰ কথা এতিয়াও আলোচনা কৰা হোৱা নাই বুলি তেওঁ কয়।

ইপিনে, নিজেই কেইবাবাৰো কোভিড বিধি বা নীতি-নিয়ম উলংঘন কৰিলেও তেওঁ পুনৰ ৰাইজক কোভিড নীতি নিয়ম মানি চলিবলৈ কয়।

তেওঁ কয় “ৰাজ্যখনৰ জনতাই কোভিড সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্দৰ্ভত সকলো নীতি-নিয়ম মানি চলে তেনেহলে এই কোভিডৰ দ্বিতীয়তো ঢৌৰ পৰা সোনকালে নিয়ন্ত্ৰণ পাব।”

আনহাতে, শেহতীয়াকৈ বৰপেটাৰ চিকিৎসালয় সমূহত আন্তঃগাঁথনি কিছু পৰিমাণৰ নিম্ন বুলি জানিবলৈ দি তেখেতে কয় যে এই সুবিধা সমূহ কম হোৱাৰ বাবে কিছু পৰিমাণৰ অসুবিধাৰ সন্মুখীন হব পাৰে।

লগতে বৰপেটা চিকিৎসালয় মহাবিদ্যালয়ত আৰু কিছু সংখ্যক আই চি উ বেড বৃদ্ধিৰ ব্যৱস্থা অতি সোনকালে কৰা হব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।