NORTHEAST NOW (Assamese)
Popular Stories

কেৰেলাৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিলে পিনাৰায়ী বিজয়নে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2021 5:26 pm

বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে কেৰেলাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে পিনাৰায়ী বিজয়নে।

ক’ভিড প্ৰট’কলৰ মাজেৰে অনুষ্টুপিয়াকৈ সম্পন্ন হোৱা শপতগ্ৰহণ অনুষ্ঠানটো পৰিচালনা কৰে ৰাজ্যপাল আৰিফ মহম্ম খানে।

শপতগ্ৰহণ কৰি উঠি মুখ্যমন্ত্ৰীজনে কয় যে এখন ‘নৱ কেৰালাম’ (Nava Keralam) নিৰ্মাণ কৰিবৰ বাবে সকলোৱে আগভাগ ল’ব লাগে।

বিজয়নৰ শপতগ্ৰহণ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে টুইটাৰযোগে শুভেচ্ছাজ্ঞাপন কৰিছে।

উল্লেখযোগ্য যে চিপিআই(এম)-ৰ নেতৃত্বত লেফ্ট ডেম’ক্ৰেটিক ফ্ৰণ্টৰ এই দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত ২০ জনীয়া পদবীসমূহৰ আটাইকেওটাতে নতুন মুখ লোৱা হৈছে।

ইয়াৰে তিনিগৰাকী মন্ত্ৰী মহিলা।