NORTHEAST NOW (Assamese)
অসম

বিটিচিৰ চাৰি জিলাক ক’ভিডমুক্ত কৰাৰ অংগীকাৰ প্ৰমোদ বড়োৰ

Posted by: চাজিদ খান Updated by: চাজিদ খান May 20, 2021 10:05 pm
covi22

ক’ভিড সৃষ্ট পৰিবেশ পৰ্যবেক্ষণ কৰিবলৈ আহি ওদালগুৰি জিলাত উপস্থিত হ’ল বিটিআৰৰ মুখ্য কায্যবাহী সদস্য প্ৰমোদ বড়ো।
ওদালগুৰি জিলাৰ কলাইগাঁও আদৰ্শ চিকিৎসালয়ত হঠাৎ পৰিদৰ্শন কৰে মুখ্য কায্যবাহী সদস্য গৰাকীয়ে।

জিলাখনৰ লগতে কলাইগাঁৱৰ চিকিৎসালয়ত ক’ভিড পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ পৰ্যাপ্ত সুবিধা আছে নে নাই সেই সম্পৰ্কে প্ৰশাসন আৰু চিকিৎসক,নাৰ্চ সকলৰ লগত তেওঁ মত বিনিময় কৰে।
মুখ্য কায্যবাহী সদস্য গৰাকীয়ে চিকিৎসালয় খনত থকা অভাৱ অভিযোগ সমূহ অতিশীঘ্ৰে পূৰণ কৰা হব বুলি মন্তব্য কৰে।
মুখ্য কায্যবাহী সদস্য গৰাকীক সংগ দিয়ে বিটিচিৰ স্বাস্থ্য বিভাগৰ কায্যবাহী সদস্য অৰূপ কুমাৰ দে, কায্যবাহী সদস্য দিগন্ত কুমাৰ বৰুৱা, দাউবৈচা বড়োৰ উপৰি বিটিচিৰ কেইবাগৰাকী এমএচচিয়ে।