NORTHEAST NOW (Assamese)
অসম

সৰুসজাই ষ্টেডিয়ামত ৩০০ বিচনাৰ নতুন ক’ভিড চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 6:41 am
Kesav Mahanta Visits

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডিআৰডিঅ’)ৰ জৰিয়তে ৰাজ্য চৰকাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত স্থাপন কৰিবলৈ লোৱা ৩০০খন বিচনাৰ নতুন ক’ভিড চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বৃহস্পতিবাৰে বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

জটিল ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে শীঘ্ৰে ১০০খন আইচিইউ বিচনা আৰু ২০০খন অক্সিজেন সেৱা সংলগ্ন বিচনা উপলব্ধ কৰাব পৰাকৈ অত্যাধুনিক কাৰিকৰী প্ৰযুক্তিৰে এই নতুন ক’ভিড চিকিৎসালয় নিৰ্মাণৰ মূল দায়িত্ব ডিআৰডিঅ’ক অৰ্পণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে।

স্বাস্থ্যমন্ত্ৰী মহন্তই দুপৰীয়া সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ ডিআৰডিঅ’ই ইতিমধ্যে আৰম্ভ কৰা প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য নিৰীক্ষণ কৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ এছ লক্ষ্মণন আৰু ৰাজ্যৰ ক্ৰীড়া সঞ্চালক ধৰ্মাকান্ত মিলিৰ উপস্থিতিত স্বাস্থ্যমন্ত্ৰী মহন্তই নিৰ্মাণ কাৰ্য তদাৰক কৰাৰ দায়িত্বত থকা ডিআৰডিঅ’ৰ শীৰ্ষ কাৰ্যবাহী বিষয়াৰ সৈতে নতুন ক’ভিড চিকিৎসালয়খনৰ কাৰিকৰী দিশসমূহ নিখুঁতভাৱে আৰু অতি ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বিষয়ে মতবিনিময় কৰে।

চিকিৎসালয়খন নিৰ্মাণত স্বাস্থ্য বিভাগ, ক্ৰীড়া বিভাগৰ লগতে এপিডিচিএল আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগকো প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে দায়িত্ব দিয়ে।

এনএইচএমৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ লক্ষ্মণন আৰু ডিআৰডিঅ’ৰ কাৰ্যবাহী বিষয়াক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অহা জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই নতুন ক’ভিড চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি ক’ভিড আক্ৰান্তৰ চিকিৎসাৰ বাবে মুকলি কৰিবলৈ সময়সীমা বান্ধি দিয়ে।

ডিআৰডিঅ’ৰ কাৰ্যবাহী বিষয়াই ৫ জুনৰ পূৰ্বেই চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব বুলি মন্ত্ৰীগৰাকীক আশ্বস্ত কৰে।

আনহাতে, ৩০০খন আইচিইউ তথা অক্সিজেন বিচনাৰ এই ক’ভিড চিকিৎসালয়খনৰ বাবে প্ৰয়োজন হোৱা তৰল মেডিকেল ব্যৱহাৰযোগ্য অক্সিজেন মজুত কৰি ৰাখিব পৰাকৈ ২০ হেজাৰ লিটাৰ বহনক্ষমতা সম্পন্ন এলএমঅ’ টেংক এটা অহা ২৯ মে’ৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা হ’ব বুলিও ডিআৰডিঅ’ৰ কাৰ্যবাহী বিষয়াই স্বাস্থ্যমন্ত্ৰীক অৱগত কৰে।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে সৰুসজাই ষ্টেডিয়ামতে থকা ক’ভিড কেয়াৰ চেণ্টাৰটোও পৰিদৰ্শন কৰে।