NORTHEAST NOW (Assamese)
অসম

কৰ’না সংকটৰ মাজতে জামুগুৰিহাটত চলোৱা উচ্ছেদক লৈ AIUDF বিধায়িনী দলৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 21, 2021 7:08 am
AIUDF TEAM VISITS CM

কৰ’নাৰ সংকটকালত জামুগুৰিহাটত একাংশ লোকক উচ্ছেদ কৰা অমানবীয় ঘটনা সম্পৰ্কত বৃহস্পতিবাৰে  এআইইউডিএফ বিধায়িনী দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি AIUDFৰ বিধায়িনী দলটোৱে এখন স্মাৰক পত্র প্ৰদান কৰে ।

এক সৌহার্দ্যপূর্ণ আলোচনাৰ অন্তত মুখ্যমন্ত্রীয়ে সাম্প্রতিক পৰিস্থিতিত উচ্ছেদ কাৰ্য্য বন্ধ ৰখা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া বুলি জনায় ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে।

তাৎপৰ্যপূৰ্ণভাৱে ইতিমধ্যে উচ্ছেদিত ভূমিহীন লোকসকলক ২/৩ বিঘাকৈ মাটিৰ আৱণ্টন দি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ কৰি দিয়াৰ সংকল্পৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।

নতুন মুখ্যমন্ত্রীৰ স্থিতিক আদৰণি জনাইছে AIUDF বিধায়িনী দলৰ নেতৃত্বই।

তেওঁৰ নেতৃত্বত বান-গৰাখহনীয়া সমস্যাৰ কবলত মাটি ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলক স্থায়ী সংস্থাপন প্ৰদান কৰি সমস্যাটো সমাধান কৰিবলৈ অনুৰোধ জনায় AIUDF বিধায়িনী দলে।

এই সঁজাতি দলত AIUDF ৰ বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ কাছিমি, উপ দলপতি হাজি আমিনুল ইছলাম, মুখ্য সচেতক ড° হাফিজ ৰফিকুল ইছলাম, ধুবুৰীৰ বিধায়ক নজৰুল হক, মানকাছৰৰ বিধায়ক অধিবক্তা আমিনুল ইছলাম, সোনাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, দলগাওঁৰ বিধায়ক মজিবুৰ ৰহমান আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন উপস্থিত থাকে।