NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় যুৱ বক্সিঙত উজলি উঠিছে অসমৰ প্ৰতিভাবান মহিলা বক্সাৰ

Posted by: এন ই নাও নিউজ March 27, 2018 9:46 am
Boxer Ankushita Baro

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ পাঁচগৰাকীকৈ খেলুৱৈয়ে ভাৰতৰ হৈ কমনৱেল্থ গেমছত অংশ লোৱাৰ সময়তে আহিছে আন এক সু-খবৰ। অসমৰ প্ৰতিভাবান মহিলা বক্সাৰ নিকি কুজুৰ আৰু জয় কুমাৰী লামাই ৰাষ্ট্ৰীয় যুৱ বক্সিঙ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

উল্লেখ্য যে হাৰিয়ানাৰ ৰোহটাকত যোৱা ২৪ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক প্ৰতিযোগিতাখনত এ আই বি বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

অংকুশিতাই প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ মেচত অন্ধ্ৰপ্ৰদেশৰ চি এইছ হাছিনিক সহজতে পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।

ইপিনে দ্বিতীয় ৰাউণ্ডৰ মেচত নিকিয়ে তামিলনাডুৰ ৱাই ছীবা প্ৰিঞ্চক আৰু জয় কুমাৰীয়ে মিজোৰামৰ চাবংছাং পুইক পৰাস্ত কৰিবলৈ সক্ষম হয়।

মহিলা বক্সাৰৰ এনে উজ্জ্বীৱিত প্ৰদৰ্শনৰ বিপৰীতে অসমৰ পুৰুষ খেলুৱৈৰ প্ৰদৰ্শন অতি শোচনীয়। পুৰুষ বক্সাৰ আফতাব হকে এছ এছ বিৰ এছ চৰুনৰ বিপক্ষে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়।

ইয়াৰ উপৰি অসমৰ আন এগৰাকী মহিলা বক্সাৰ নমিতা বড়োৱে উত্তৰ প্ৰদেশৰ প্ৰিয়া কুছৱাহৰ বিপক্ষে পৰাজয় বৰণ কৰে।