৪ এপ্ৰিলৰ পৰা অষ্ট্ৰেলিয়াৰ গ’ল্ড কোষ্টত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছ প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় বক্সিং দলক নেতৃত্ব দিব মহিলা বক্সিং জগতৰ তাৰকা তথা পাঁচবাৰৰ বিশ্ব চেম্পিয়ন এমচি মেৰী কম আৰু মনোজ কুমাৰে। বুধবাৰে ভাৰতীয় বক্সিং ফেডাৰেশ্যনে সন্মানীয় প্ৰতিযোগিতাখনৰ বাবে সম্পূৰ্ণ ভাৰতীয় দল ঘোষণা কৰাৰ সময়ত এই কথা জানিবলৈ দিয়ে।
উল্লেখ্য যে ভাৰতীয় মহিলা বক্সিং দলৰ তাৰকা মেৰীকমৰ লগতে উত্তৰ-পূবৰ আন দুগৰাকী মহিলা বক্সাৰেও প্ৰতিযোগিতাখনত অংশ ল’ব। খেলুৱৈ দুগৰাকী হ’ল এল সৰীতা দেবী আৰু লাবলিনা বৰগোহাঁই।
এল সৰীতা দেবী আৰু লবলীনা বৰগোহাঁয়ে বিশ্বৰ আগশাৰীৰ প্ৰতিযোগিতাখনত নিজৰ উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকত বজাই ৰাখি দেশবাসীৰ বাবে পদক অৰ্জনৰ চেষ্টা চলোৱা পৰিলক্ষিত হ’ব।
প্ৰতিযোগিতাখনৰ মহিলা শাখাত ৪৫-৪৮ কিলোগ্ৰাম শাখাত মেৰী কম, ৫১ কিলোগ্ৰাম শাখাত পিংকী ৰাণী, ৬০ কিলোগ্ৰামত সৰীতা দেবী আৰু ৬৯ কিলোগ্ৰাম শাখাত অসমৰ লাবলিনা বৰগোহাঁয়ে প্ৰতিদ্বণ্ডিতা আগবঢ়াব।
আনহাতে পুৰুষৰ শাখাত ৪৬-৪৯ কিলোগ্ৰামত অমিত ফাংগাল, ৫২ কি.গ্ৰা.ত গৌৰৱ চোলাংকী, ৫৬ কি.গ্ৰা.ত হুছাম মোহম্মদ, ৬০ কি.গ্ৰা.ত মনিষ কৌশিক, ৬৯ কি.গ্ৰা.ত মনোজ কুমাৰ আৰু ৭৫ কি.গ্ৰা.ত বিকাষ কৃষ্ণনে ভাৰতক প্ৰতিনিধিত্ব কৰিব।





