NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ নামত আৱণ্টিত চৰকাৰী আঁচনিত লুণ্ঠনৰ অভিযোগ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 21, 2021 7:45 pm
nn

অসমৰ অন্যতম পীঠস্থান যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সম্প্ৰতি চৰকাৰী আঁচনিৰ নামত একাংশ ঠিকাদাৰৰ লুণ্ঠন চলাৰ গুৰুতৰ অভিযোগ উঠিছে।

শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা “অসম দৰ্শন” আঁচনিৰ অধীনত ঢেকীয়াখোৱা বৰনামঘৰৰ কাষতে দিহা নদীৰ খহনীয়া ৰোধৰ বাবে এক কোটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে এখন আঁচনি গ্ৰহণ কৰে।

কিন্তু এজাক বৰষুণতে আজি কোটিটকীয়া বেৰখন খহি পৰে।
অভিযোগ অনুসৰি বিভাগটোৰ একাংশ বিষয়া- ঠিকাদাৰে অতি নিম্নমানৰ কাম সম্পাদনা কৰাৰ বাবেই এনেদৰে এজাক বৰষুণতে খহি পৰে পকী বেৰ খন।

ইফালে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ এনে নিম্নমানৰ কামৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

স্থানীয় ৰাইজে এনে কাণ্ডৰ তদন্তৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সঠিক ৰূপায়ন কৰাৰ ক্ষেত্ৰত জলসম্পদ মন্ত্ৰীক চকু দিবলৈ আহ্বান জনাইছে।