NORTHEAST NOW (Assamese)
Popular Stories

এটা নগ্ন ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ৪ দিন ঘৰৰ পৰা ওলোৱা নাছিল এইগৰাকী অভিনেত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 7:37 pm
এটা নগ্ন ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ৪ দিন ঘৰৰ পৰা ওলোৱা নাছিল এইগৰাকী অভিনেত্ৰী

কিন্তু কেন?

বলিউডৰ এগৰাকী শক্তিশালী আৰু সাহসী অভিনেত্ৰী হিচাপে ৰাধিকা আপ্টেৰ সুকীয়া স্থান আছে।

কিন্তু অতীতৰ এক ঘটনাই লজ্জাত পেলাইছিল সাহসী অভিনেত্ৰীগৰাকীক।

লজ্জাত তেওঁ ঘৰৰ ভিতৰতে সোমাই আছিল।

কিন্তু কিয়?

ইয়াৰ কাৰণ হৈছে কেইটামান মুহূৰ্তৰ এটা ভিডিঅ’।

ভিডিঅ’টোত যিগৰাকী মহিলাক নগ্ন অৱস্থাত দেখা পোৱা গৈছিল, তেওঁক ৰাধিকা আপ্টে বুলি ধৰি লৈছিল অনেকেই।

ভিডিঅ’টো আচলতে অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা ছবি ‘ক্লীন শ্বেভেন”ৰ এটা ক্লিপহে আছিল।

এখন সংবাদপত্ৰক দিয়া সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ যেতিয়া ছবিখনৰ শ্বুট কৰিছিল, তেতিয়া তেওঁৰ এটা নগ্ন দৃশ্যৰ ক্লিপ ভাইৰেল হৈ পৰে।

তাৰপাছতে তেওঁক লৈ ট্ৰ’ল হৈছিল আৰু ট্ৰ’লসমূহে ৰাধিকাৰ মানসিক প্ৰভাৱ পেলাইছিল।

“মই ঘৰৰ পৰা ৪ দিনৰ বাবে বাহিৰ হ’ব পৰা নাছিলো। সংবাদমাধ্যমে মোক লৈ কি কৈছে, সেয়া ভবা নাছিলো, কিন্তু মোৰ গাড়ী চালক আৰু চকিদাৰসকলে মোক সেই দৃশ্যটোত চিনি পাইছিল।

ৰাধিকাই কয় যে সেই ভাইৰেল ভিডিঅ’টোত থকাগৰাকী তেওঁ নাছিল।

ইয়াৰ পাছতে ‘পাৰ্চড’ ছবিখনত তেওঁক নগ্ন দৃশ্যত ভুমুকি মাৰে।

২০১৬ চনৰ এই চিনেমাখনত তেওঁ এগৰাকী যৌনকৰ্মী হিচাপে অভিনয় কৰিছিল।

এই সাহসী চিনেমাখন বাচি লোৱাৰ সন্দৰ্ভতো তেওঁ এই নগ্ন ভিডিঅ’ৰ ক্লিপটোক সাঙুৰি লয়।

“ইয়াৰ পাছত মই যেতিয়া ‘পাৰ্চড’ ছবিখনত পোছাক খুলো, তেতিয়া ভাব হ’ল মোৰ আৰু লুকুৱাই ৰাখিবলৈ একোৱে নাই।”- ৰাধিকাই কয়।

সকলো বিতৰ্ককে নেওচি নিজৰ কেৰিয়াৰ বৰ্তমান উৰ্ধ্বমুখী কৰি ৰাখিছে অভিনেত্ৰীগৰাকীয়ে।

ইতিমধ্যে কেইবাখনো ছবিত বলিষ্ঠ অভিনয়েৰে দৰ্শকসকলক মুগ্ধ কৰি ৰাখিছে ৰাধিকাই।