NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্ষণৰ অভিযোগত অভিযুক্ত হ’ল অভিনেত্ৰী কংগনাৰ ব্যক্তিগত বডীগাৰ্ড, গোচৰ ৰুজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 10:16 pm

এগৰাকী মেক-আপ আৰ্টিষ্টক মুম্বাইত ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছে অভিনেত্ৰী কংগনা ৰানাৱটৰ ব্যক্তিগত বডীগাৰ্ড কুমাৰ হেগড়ে।

এটা মনোৰঞ্জনমূলক প’ৰ্টেলে প্ৰকাশ কৰা মতে, মুম্বাইৰ ডিএন নগৰ আৰক্ষী থানাত এই সম্পৰ্কত এখন এজাহাৰ দাখিল কৰা হৈছে।

ভুক্তভোগী মেক-আপ আৰ্টিষ্টগৰাকীয়ে দাবী কৰে যে কংগনাৰ বডীগাৰ্ডজনে তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ কৰিছিল।

তদুপৰি বডীগাৰ্ডজনে মেক-আপ আৰ্টিষ্টগৰাকীৰ পৰা মুম্বাই এৰি যোৱাৰ পূৰ্বে ৫০,০০০ টকাও লৈছিল।

জানিব পৰা মতে, বডীগাৰ্ডজন মেক-আপ আৰ্টিষ্টগৰাকীৰ স’তে আঠ বছৰৰ পূৰ্বে পৰিচিত হৈছিল আৰু যোৱা বৰ্ষৰ জুনত বডীগাৰ্ডজনে বিবাহৰ প্ৰস্তাৱ দিয়ে।

মেক-আপ আৰ্টিষ্টগৰাকীয়ে কৰা অভিযোগমতে, বডীগাৰ্ডজন তেওঁৰ ফ্লেটলৈ প্ৰায়ে আহিছিল আৰু বলপূৰ্বকভাৱে শাৰিৰীক সম্পৰ্কত লিপ্ত হৈছিল।

তদুপৰি বডীগাৰ্ডজন কৰ্ণাটকলৈ যোৱাৰ পূৰ্বে ২৭ এপ্ৰিল তাৰিখে তেওঁক মেক-আপ আৰ্টিষ্টগৰাকীয়ে ৫০,০০০ টকাও প্ৰদান কৰিছিল বুলি অভিযোগত উল্লেখ কৰে।

তাৰপাছতে বডীগাৰ্ডজনৰ একো খবৰ নাপাই মেক-আপ আৰ্টিষ্টগৰাকীয়ে বডীগাৰ্ডজনৰ মাকৰ স’তে যোগাযোগ কৰে।

কিন্তু মাকে তেওঁক বডীগাৰ্ডজনৰ পৰা আঁতৰি থাকিবলৈ ধমকি দিয়ে আৰু বিয়াৰ কথা নুলিয়াবলৈ কয়।

বৰ্তমান কংগনাৰ বডীগাৰ্ড কুমাৰ হেগড়েক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (ধৰ্ষণ), ৩৭৭ (অস্বাভাৱিক যৌনসম্পৰ্ক) আৰু ৪২০ (প্ৰবঞ্চনা) ধাৰাৰ অধীনত মুম্বাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কংগনাৰ হেয়াৰষ্টাইলিষ্ট এল্লিষ্টাৰ ডি গীও এগৰাকী নাবালিকাক যৌন আতিশয্য চলোৱাৰ অভিযোগত আটক হৈছিল।

বৰ্তমানলৈকে অভিনেত্ৰী কংগনাই ঘটনাটোৰ সম্পৰ্কত একো মুখ খোলা নাই।

কংগনাই প্ৰায়ে কৈ আহিছিল যে বডীগাৰ্ডজন তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰে।

আনকি বডীগাৰ্ডজনৰ শেহতীয়া জন্মদিনটোতো দুয়ো একেলগে প্ৰাণভৰি পাৰ্টি কৰিছিল।