NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ দ্বিতীয় ঢৌ স্তিমিত! দেশত আঢ়ৈ লাখৰ তললৈ নামিল আক্ৰান্তৰ সংখ্যা, মৃত্যুৰ সংখ্যাও হ্ৰাস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2021 11:43 am
Third COVID-19 wave may not happen if we take strong measures, says Centre

দেশখনে কৰ’নাৰ দ্বিতীয়টো ঢৌৰ ভয়াবহতা অতিক্ৰম কৰিবলৈ আগবাঢ়িছে যেন দেখা গৈছে। একেৰাহে কেইবাদিনো ধৰি হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘন্টাত মৃত্যুৰ সংখ্যাও ৪হাজাৰৰ তললৈ নামিছে।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৪০হাজাৰ ৮৪২ জন লোক।

শনিবাৰৰ তুলনাত দেওবাৰে আক্ৰান্তৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে। শনিবাৰে দেশত ক’ৰ’নাত আক্ৰান্ত হৈছিল ২ লাখ ৫৭ হাজাৰ ২৯৯জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ২কোটি ৬৫লাখ ৩০হাজাৰ ১৩২জনলৈ বৃদ্ধি পাইছে।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩ হাজাৰ ৭৪১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। শনিবাৰে এই সংখ্যা আছিল ৪হাজাৰ ১৯৪জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ৯৯ হাজাৰ ২৬৬জন।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩লাখ ৫৫হাজাৰ ১০২ জন ৰোগীয়ে। শনিবাৰে এই সংখ্যা আছিল ৩লাখ ৫৭হাজাৰ ৬৩০জন।

সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ৩৪লাখ ২৫হাজাৰ ৪৬৭জন লোক।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ২৮লাখ ৫হাজাৰ ৩৯৯জন। শনিবাৰে এই সংখ্যা আছিল ২৯লাখ ২৩হাজাৰ ৪০০জন।

বৰ্তমানলৈ দেশত ১৯কোটি ৫০ লাখ ৪ হাজাৰ ১৮৪ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা আগতকৈ হ্ৰাস পাইছে। সেইদৰে মৃত্যুৰ সংখ্যাও কমিছে। তাৰমাজতে বিশেষজ্ঞসকলে অনুমান কৰিছে যে জুলাই মাহত কৰ’নাৰ দ্বিতীয় ঢৌ কমি যাব।

অৱশ্যে ইয়াতো কিন্তু সকাহৰ কাৰণ নাই। কিয়নো তাৰপাছতো আহিব পাৰে কৰ’নাৰ তৃতীয়টো ঢৌ।