NORTHEAST NOW (Assamese)
অসম

CBSEৰ নিয়মৰ বৃহৎ সলনি! অকল মূল বিষয়সমূহৰ পৰীক্ষা ল’ব পাৰে বোৰ্ডে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2021 12:40 pm
CBSC-Exam-750x375

কৰ’না সংকটৰ মাজতে পুনৰ নিয়মৰ সলনি কৰিবলৈ আগবাঢ়িছে চিবিএছই বোৰ্ডে। বোৰ্ডে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত এইবাৰ অকল মূল বিষয়সমূহৰ পৰীক্ষা ল’বলৈ আগ্ৰহী।

দেওবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ গুৰুত্বপূৰ্ণ বৈঠকত এনে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষামন্ত্ৰী, শিক্ষা সচিব তথা ৰাজ্যিক পৰীক্ষা পৰিষদৰ অধ্যক্ষসমূহে এই বৈঠকত অংশগ্ৰহণ কৰিব।

দেওবাৰৰ বৈঠকত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণী উপস্থিত থাকিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকত অধ্যক্ষতা কৰিব।

ইতিমধ্যে মূল বিষয়সমূহৰ পৰীক্ষাক লৈ চিবিএছই বোৰ্ডে শিক্ষা মন্ত্ৰ্যালয়ৰ ওচৰত দুটা প্ৰস্তাৱ ৰাখিছে। পৰীক্ষাৰ্থী তথা শিক্ষকসকলৰ সুৰক্ষাৰ কথা আগত ৰাখিয়েই এনে বিকল্পৰ সন্ধান চলোৱা হৈছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২১বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰাখিবলৈ চিবিএছই, আইচিএছই আৰু ৰাজ্যিক বোৰ্ডসমূহ বাধ্য হৈছে।

দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক মুঠ ১৭৪টা বিষয় দিয়া হয়। ইয়াৰ ভিতৰত ২০টা মূল বিষয় থাকে। শিক্ষাৰ্থী, অভিভাৱক, শিক্ষক তথা আন সংশ্লিষ্টসকলক টুইটাৰত নিজৰ মতামত জনাবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে আহ্বান জনাইছে।