NORTHEAST NOW (Assamese)
দেশ

উত্তৰ প্ৰদেশৰ বৰেলীত বিল্ডাৰ আৰু টাইলছ ব্যৱসায়ীৰ মাজত গুলীয়াগুলী : সহযোগ আছিল আৰক্ষীৰ!

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 23, 2024 2:52 pm

উত্তৰ প্ৰদেশৰ বাৰেলীত আজি পুৱা ৬.৩০ বজাত এটা প্লট দখল কৰাক কেন্দ্ৰ কৰি টাইলছ ব্যৱসায়ী আৰু বিল্ডাৰ পক্ষৰ মাজত গুলীচালনা হয়। কেৱল এয়াই নহয়, গুলীচালনাৰ উপৰিও অগ্নিসংযোগ আৰু শিলগুটি নিক্ষেপৰ ঘটনাও এঘণ্টা ধৰি চলে।

এই হিংসাত্মক ঘটনা দেখি পথাচাৰীসকল ভীতিগ্ৰস্ত হৈ উঠে। গুলীয়াগুলীৰ সময়ত গছৰ আঁৰত আত্মগোপন কৰি প্ৰাণ ৰক্ষা কৰে পথাচাৰীসকলে। আনকি এই ঘটনাত ওচৰৰ সকলো লোকে দুৱাৰ-খিৰিকী জপায় ভিতৰত সোমাইছিল। চিনেমাৰ কায়দাত চলিছিল এই গুলীয়াগুলীৰ ঘটনা।

এই গুলীয়াগুলী ইমানেই ভয়ানক আছিল যে আৰক্ষীয়েও এই হিংসা বন্ধ কৰিবলৈ সাহস কৰা নাছিল। মাত্ৰ আঁতৰৰ পৰা চাই ৰৈছিল আৰক্ষীয়ে।

জানিব পৰা মতে, এই হিংসাৰ জুই আগদিনা নিশাৰ পৰাই জ্বলিবলৈ আৰম্ভ কৰিছিল। ২২ জুনত নিশা কেইবাটাও গুণ্ডাক গ্ৰামাঞ্চলৰ পৰা মাতি অনা হৈছিল আৰু নিশা মদ্যপান কৰোৱা হৈছিল। পুৱালৈ সংঘটিত কৰিছিল এই হিংসাত্মক ঘটনা।

এই ঘটনাৰ পিছত্বৰেলীৰ এছ এছ পিয়ে ষ্টেচন ইনচাৰ্জকে ধৰি ৬ জন আৰক্ষীক নিলম্বন কৰিছে। জানিব পৰা মতে পৰোক্ষভাবে এই হিংসাত আৰক্ষীয়ে সহযোগিতা কৰিছিল।

 

ইয়াৰ পিছত আৰক্ষীয়ে হিংসা কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। কালাপুৰ খালত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন দুষ্কৃতিকাৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ললিত সাক্সেনা নামৰ এজন অপৰাধীক। বিগত সময়ত অপৰাধী ললিত ছাক্সেনাৰ বিৰুদ্ধে ১২টাতকৈও অধিক গোচৰ ৰুজু হৈছে। সম্প্ৰতি তেওঁ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই গোচৰত দুয়োপক্ষৰ পৰা মুঠ ১১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।