NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ; এইচ আই ভিত আক্ৰান্ত ৩০০ৰো অধিক শিশু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 23, 2024 2:56 pm

মেঘালয়ত উদ্বেগজনক পৰিস্থিতি। ৩৬৪ টা শিশু এইচ আই ভি আক্ৰান্ত। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উপায় সন্ধান কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন সমৃদ্ধ ৰাজ্যখনত যেন নীৰৱে এইচ আই ভি এইডছৰ বৃদ্ধি ঘটিছে।

ৰাজ্যখনৰ ৮ হাজাৰৰো অধিক প্ৰাপ্তবয়স্ক লোক এইডছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে, যিটো গুৰুতৰ চিন্তাৰ কাৰণ। শিশুৰ মাজতো এইডছ দ্ৰুতগতিত বিয়পি পৰিছে।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ উদ্বিগ্ন। এই আয়োগৰ অধ্যক্ষ প্ৰিয়ংক কানুংগোৱে ২২ জুনত ৰাজ্য চৰকাৰৰ ১৬টা বিভাগৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে। তেওঁ কয়, পৰিস্থিতি উদ্বেগজনক।

লগতে পঢ়কঃ টি২০ বিশ্বকাপত অঘটন! ৭বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাজিত কৰিলে আফগানিস্তানে

তেওঁ লগতে সংশ্লিষ্ট বিভাগক এইচ আই ভি আক্ৰান্ত শিশুক জুভেনাইল জাষ্টিছ আইনৰ ৪৫ নং ধাৰাত স্পনছৰশ্বিপ প্ৰদান কৰিব পৰা যাব নেকি সেইটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। স্পনছৰশ্বিপৰ জৰিয়তে ক্ষতিগ্ৰস্ত শিশুৱে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ’ব।

মেঘালয়ৰ এইচ আই ভি ৰোগত আক্ৰান্ত ৮ হাজাৰৰো অধিক প্ৰাপ্তবয়স্ক লোকক পৰিয়ালসমূহৰ বাকী পৰিয়ালৰ সদস্য আৰু সেই পৰিয়ালৰ শিশুসকলক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়কঃ NTAৰ মূৰব্বীক অপসাৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ; নীট পৰীক্ষা সন্দৰ্ভত তদন্ত কৰিব কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই

তদুপৰি, আয়োগে ৰাজ্যৰ ৪০০০ বিশেষভাৱে সক্ষম শিশুৰ পৰীক্ষাও কৰিব যাতে আৰ্থিক সাহায্য, প্ৰমাণপত্ৰ আদিকে ধৰি প্ৰয়োজনীয় বিষয়ত তালিকাভুক্ত হয়। আয়োগে লগতে কয় যে শিশু সুৰক্ষা অধিকাৰ, পস্কো আইন সম্পৰ্কে অৱগত কৰিবলৈ সমগ্ৰ মেঘালয় জুৰি সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰিব।