NORTHEAST NOW (Assamese)
Popular Stories

যেন কুবেৰৰ সাম্ৰাজ্য! ধোনীতকৈও ধনৱন্ত কোহলী: সম্পত্তিৰ পৰিমাণ শুনিলে চকু কপালত উঠিব আপোনাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 8, 2023 9:39 pm
Dhoni and Kohli's Net Worth

ক্ৰিকেট জগতত ভাৰতীয় তাৰকাদ্বয় মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ সফলতা তথা জনপ্ৰিয়তাৰ কথা সকলোৰে জ্ঞাত। কেৱল ভাৰতৰ বুলিয়েই নহয়, সমগ্ৰ ক্ৰিকেট বিশ্বৰে মহাতাৰকাত পৰিণত হোৱা এই দুই খেলুৱৈৰ বিশ্বজুৰি আছে অলেখ অনুৰাগী।

ভাৰতীয় ক্ৰিকেটক সফলতাৰ শিখৰলৈ তুলি নিয়াত এই দুয়ো খেলুৱৈৰ ভূমিকা সদায়েই চৰ্চিত হৈ থাকিব। অসাধাৰণ জনপ্ৰিয়তা আৰু ফিটনেছৰ বাবে এই দুই তাৰকা বহু যুৱক-যুৱতীৰ অনুকৰণীয় হৈ পৰিছে। যাৰ বাবে ব্যৱসায়িক জগতৰো আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ধোনী-কোহলী।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও এতিয়াও জনপ্ৰিয়তা হ্ৰাস পোৱা নাই কেপ্টেইন কুল খ্যাত ধোনীৰ। বিশ্ব ক্ৰিকেটত ‘ক্ৰিকেটৰ ভগৱান’ খ্যাত টেণ্ডুলকাৰৰ পিছতেই ধোনীক সৰ্বজনপ্ৰিয় ক্ৰিকেটাৰ বুলিব পাৰি।

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালেও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত নিজৰ অসাধাৰণ ক্ৰীড়ানৈপুণ্য অক্ষুণ্ণ ৰাখিছে ধোনীয়ে। আই পি এলৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ফ্ৰেন্সাইজি চেন্নাই ছুপাৰ কিংছৰ অংশ ধোনী বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈৰ ভিতৰত অন্যতম।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা মতে, ধোনীৰ সম্পত্তিৰ পৰিমাণ হাজাৰ কোটিতকৈও অধিক। এই প্ৰতিবেদন অনুসৰি, ভাৰতৰ প্ৰাক্তন খেলুৱৈগৰাকীৰ সম্পত্তিৰ পৰিমাণ ১০৪০ কোটি টকা।

এই বিশাল সম্পত্তিৰ মূলতে আছে ধোনীৰ ব্ৰেণ্ডভেল্যু। আই পি এল মাচুল হিচাপে বৰ্তমান ১২ কোটি টকা লাভ কৰে। কিন্তু কোম্পানীত তেওঁৰ বিনিয়োগ, ছ’চিয়েল মিডিয়াৰ উপাৰ্জন, মালিকানাধীন ব্ৰেণ্ড আৰু ৰিয়েল এষ্টেট বিনিয়োগে ধোনীক এই কুবেৰ সাম্ৰাজ্যৰ অধিকাৰী কৰি তুলিছে।

ধোনীৰ এই সম্পত্তিৰ পৰিমাণ শুনিয়েই হয়তো আপোনাৰ চকু কপালত উঠিছে। কিন্তু ধনৱন্ত ক্ৰিকেটাৰৰ তালিকাত ধোনীক পিছলৈ ঠেলি আগুৱাই আছে সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলী। ধোনীতকৈও ১০ কোটি টকাৰ অধিক সম্পত্তিৰ মালিক কোহলী।

ষ্টক গ্ৰ’ৰ তথ্য অনুসৰি কোহলীৰ সম্পত্তিৰ পৰিমাণ ১০৫০ কোটি টকা, যি বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰসকলৰ ভিতৰত সৰ্বাধিক। ভাৰতীয় ক্ৰিকেটৰ খেলুৱৈৰ ‘A+’ চুক্তিৰ অন্তৰ্ভুক্ত খেলুৱৈ হিচাপে কোহলীৰ বাৰ্ষিক উপাৰ্জন হৈছে ৭ কোটি টকা।

লগতে প্ৰতিখন টেষ্টৰ বাবে তেওঁৰ মেচ মাচুল ১৫ লাখ, এদিনীয়া ৬ লাখ, আৰু প্ৰতিখন টি-২০ মেচত ৩ লাখ টকা। ইফালে আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অংশ হিচাপে কোহলীয়ে বাৰ্ষিক ১৫ কোটি টকা লাভ কৰে।

ধোনীৰ দৰেই বহুকেইটা নামী-দামী কোম্পানীৰ সৈতে থকা চুক্তি অনুসৰি কোহলীয়ে বাৰ্ষিক কোটি কোটি টকা উপাৰ্জন কৰে। কোহলীৰ এই কুবেৰ সাম্ৰাজ্যত আছে বহুকেইখন কোটিটকীয়া বিলাসী বাহনো।

গতিকে, কেৱল ২২ গজৰ বিশ্বতহে যে ধোনী-কোহলী অদমনীয় এনে নহয়, বিশ্বৰ ধনৱন্ত খেলুৱৈৰ তালিকাতো এই দুই তাৰকাই সফলতাৰ উচ্চ স্থান দখল কৰিছে।