NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰই লৈছে সিদ্ধান্ত! : অনুষ্ঠিত কৰা হ’ব চিবিএচইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা, কিন্তু কেতিয়া?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2021 7:15 pm
CBSE 12th Exam

কোভিডৰ দ্বিতীয় ঢৌৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ দ্বাদশ শ্ৰেণীৰ স্থগিত ৰখা পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। কোভিড পৰিস্থিতিৰ বাবে স্থগিত ৰখা এই পৰীক্ষা বাতিল কৰা নহয় বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

দেওবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ আহ্বানত অনুষ্ঠিত বৈঠকত ৰাজ্যসমূহে অংশগ্ৰহণ কৰি কোনো বিষয়তে চূড়ান্ত সিদ্ধান্তত উপণীত হ’ব নোৱাৰিলেও দুটা প্ৰস্তাৱ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

সূত্ৰটোৰ মতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা নহয়। কিন্তু তাৰ বাবে দুটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

প্ৰথম প্ৰস্তাৱটো হৈছে আটাইকেইটা বিষয়ৰ বিপৰীতে নিৰ্বাচিত গুৰুত্বপূৰ্ণ কেইটামান বিষয়ত পৰীক্ষা অনুষ্ঠিত হ’ব পাৰে, যিটো প্ৰস্তাৱ পূৰ্বতে কেন্দ্ৰই ৰাজ্যসমূহক দিছিল।

আনহাতে দ্বিতীয় প্ৰস্তাৱৰ মতে তিনিঘণ্টাৰ পৰীক্ষাৰ বিপৰীতে ডেৰঘণ্টাকৈ আটাইকেইটা বিষয়তে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব পাৰে। অৱশ্যে এই প্ৰস্তাৱ দুটাৰ সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

ৰাজ্যসমূহক এই দুটাৰ এটা প্ৰস্তাৱ বাচনি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইফালে কোভিড পৰিস্থিতি শাম কাটিলে জুলাই মাহত কোভিড বিধি মানি পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

এই সম্পৰ্কেও আজি বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অহা ১ জুনত পুনৰ আন এখন বৈঠক আহ্বান কৰা হৈছে আৰু সেই বৈঠকতে সেই সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

সূত্ৰটোৰ মতে দিল্লী আৰু মহাৰাষ্ট্ৰই কোভিড পৰিস্থিতিৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাতো সম্ভৱ নহয় বুলি স্পষ্টকৈ জনাইছে কেন্দ্ৰক।

উল্লেখ্য যে মে’ৰ প্ৰথম ভাগৰ পৰা অনুষ্ঠিত হ’বলগীয়া দ্বাদশ শ্ৰেণীৰ পৰীক্ষা কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এপ্ৰিল মাহতে স্থগিত কৰা হৈছিল। সেয়ে আজিৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছিল।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাঙ্ক, নাৰী আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণী আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰ উপস্থিত থকা আজিৰ বৈঠকত ৰাজ্যসমূহৰ শিক্ষা মন্ত্ৰীসকলৰ লগতে শিক্ষা সচিবসকলেও অংশগ্ৰহণ কৰিছিল।