NORTHEAST NOW (Assamese)
অসম

ভুৱা প্ৰলোভনত পৰি সৰবৰাহৰ বলি হোৱা কোকৰাঝাৰৰ ৮জনক জম্মু-কাশ্মীৰৰ পৰা উদ্ধাৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী May 25, 2021 11:20 am
tfa2-750x375

চাকৰি দিয়াৰ ভুৱা প্ৰলোভনেৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰলৈ সৰবৰাহ কৰা এগৰাকী নাবালিকাকে ধৰি মুঠ ৮জন লোকক সোমবাৰে কোকৰাঝাৰলৈ উভতাই অনা হৈছে।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক প্ৰতীক থুবেই সাংবাদিকক কয় যে কোকৰাঝাৰৰ ভিতৰুৱা গাঁৱৰ পৰা দুগৰাকী ছোৱালীকে ধৰি ৮জন যুৱকক চাকৰিৰ প্ৰলোভন দি এপ্ৰিলত শ্ৰীনগৰলৈ লৈ যোৱা হৈছিল।

তাত তেওঁলোকক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে বিভিন্ন কামত নিয়োগ কৰা হৈছিল বুলি আৰক্ষী অধীক্ষক থুবে জানিবলৈ দিয়ে।

তেওঁ কয় যে তেওঁলোকে পাছত তেওঁলোকৰ পৰিয়ালক কথাটো জনোৱাত পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত দুজনক চিৰাং জিলাৰ ৰুনীখাতা আৰক্ষী থানাৰ অন্তৰ্গত দাদগিৰিৰ পৰা গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনক পতি-পত্নী ক্ৰমে প্ৰভাত কৃষ্ণ ঠাকুৰ আৰু হেইলু ওৰফে শান্তি ওৰফে ৰীণা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।