NORTHEAST NOW (Assamese)
অসম

ভেকচিন ল’বলৈ গৈ কোভিড বিধি ভংগ : গণ সংক্ৰমণৰ সম্ভাৱনা ভেকচিন কেন্দ্ৰত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 25, 2021 8:23 pm
Sivasagar

ভেকচিন গ্ৰহণ কৰিবলৈ গৈ কোভিডৰ গণ সংক্ৰমণৰ সম্ভাৱনাই দেখা দিছে শিৱসাগৰত।

ভেকচিন ল’বলৈ গৈ মানুহৰ হেতা-ওপৰা লাগিছে এটা ভেকচিন কেন্দ্ৰত। নাই কোনো কোভিড নীতি, নাই সামাজিক দূৰত্ব।

এই দৃশ্য শিৱসাগৰৰ। মংগলবাৰে শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত স্থাপন কৰা ভেকচিন প্ৰদানৰ সময়ত সৃষ্টি হোৱা অৰাজক পৰিস্থিতি।

কোনোধৰণৰ সামাজিক দূৰত্ব পালন নকৰি গাত গা লগায় এইদৰে ভেকচিন ল’বলৈ শাৰী পতা দেখা গৈছে শিৱসাগৰত।

সীমিত সংখ্যক ভেকচিন মজুত থকাৰ বাবে ভেকচিন ল’বলৈ নিজৰ নাম অন্তভুক্ত কৰিবলৈ সকলো চৰকাৰী কোভিড নীতিক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এইদৰে ঠেলাহেচা কৰা দেখা গ’ল।

প্ৰশাসনে কেন্দ্ৰটোত আৰক্ষী মোতায়েক কৰে যদিও আৰক্ষী যোৱাৰ পিছত পুনৰ একে পৰিবেশৰ সৃষ্টি হয় কেন্দ্ৰটোত।

ইপিনে পুৱাৰে পৰা শাৰী পাতি কেন্দ্ৰটোৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত শ্বাৱ টেষ্ট কৰিও সন্ধিয়া পৰ্যন্ত লাভ নকৰিলে ভেকচিন। যাৰ বাবে ক্ষুভিত হৈ পৰিছে ৰাইজ।