NORTHEAST NOW (Assamese)
Popular Stories

অলিম্পিক পদকজয়ী সুশীল কুমাৰ বিৰুদ্ধে আৰু ৮ প্ৰত্যক্ষদৰ্শীৰ পৰা জবানবন্দী সংগ্ৰহ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2021 1:11 pm
Sushil Kumar

সাগৰ ৰাণা নামৰ এগৰাকী ২৩ বছৰীয়া মল্ল যুঁজাৰুৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ বিৰুদ্ধে আৰু ৮ গৰাকী প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ আগত জবানবন্দী দিছে।

ইফালে ঘটনাৰ দিনা ব্যৱহাৰ কৰা মোবাইল ক’লৈ দলিয়াইছিল সেই কথা সুশীল কুমাৰে আৰক্ষীৰ আগত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

প্ৰথমাৱস্থাত সুশীল কুমাৰে আৰক্ষীক জেৰা সময়ত সহযোগ কৰা নাছিল যদিও এতিয়া কিছু পৰিমাণে সহযোগ কৰা বুলি জানিব পৰা গৈছে।

বুধবাৰে হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগ আৰু ৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।

উল্লেখ্য যে ৪ মে’ত দিল্লীৰ ছত্ৰশাল ষ্টেড়িয়ামত হত্যাকাণ্ডটো সংঘটিত হোৱাৰ দিনাৰ পৰাই সুশীল কুমাৰে আত্মগোপন কৰি আছিল।

দিল্লী আৰক্ষীয়ে সুশীল কুমাৰ সন্ধানত অভিযান তীব্ৰতৰ কৰাৰ লগতে তেওঁৰ সন্ধান দিওঁতাক ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছিল।

দিল্লী আৰক্ষীয়ে অৱশেষত যোৱা দেওবাৰে অভিযুক্ত সহযোগী অজয় কুমাৰৰ সৈতে সুশীল কুমাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আদালতে সুশীল কুমাৰৰ ৬ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

স্মৰ্তব্য যে বুধবাৰে সুশীল কুমাৰৰ ৩৮ সংখ্যক জন্মদিন আছিল।