NORTHEAST NOW (Assamese)
Popular Stories

“ভাৰতৰ ভাবমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে টুইটাৰে” : তথ্যপ্ৰযুক্তি আইন সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2021 9:32 pm

বৃহস্পতিবাৰে পুৱা ভাৰতৰ বাকস্বাধিনতাৰ অধিকাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছিল জনপ্ৰিয় মাইক্ৰ’ব্ল’গিং চাইট টুইটাৰে।

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া আইটি আইন সম্পৰ্কেই টুইটাৰে এই উদ্বেগ প্ৰকাশ কৰিছিল।

তদুপৰি ভাৰতত নিয়োজিত টুইটাৰৰ কৰ্মীসকলৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰাৰ কথা ব্যক্ত কৰিছিল।

টুইটাৰে এই উদ্বেগ প্ৰকাশ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অনুমানবসতঃ কথা নকৈ আইন মানি চলাৰ চিন্তা ভাৱনা কৰক টুইটাৰে।

কেৱল সেয়াই নহয়, বিশ্বৰ বৃহত্তম গণতন্ত্ৰ সম্পৰ্কে এই ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থকাৰো পৰামৰ্শ দিয়া হৈছে টুইটাৰক।

এক বিবৃতিযোগে কেন্দ্ৰীয় তথ্যপ্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনাইছে যে এখন সাৰ্বভৌম দেশৰ নিজস্ব আইন আৰু নীতি আছে আৰু টুইটাৰ কেৱল এটা সামাজিক মাধ্যম।

ভাৰতৰ আইনী নীতিৰ কাঠামো কেনে হোৱা উচিত সেয়া টুইটাৰৰ কোৱাৰ অধিকাৰ নাই বুলিও বিবৃতিটোত কোৱা হৈছে।

তদুপৰি কোৱা হৈছে যে টুইটাৰে যিধৰণৰ বিবৃতি দিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন, মিছা আৰু ভাৰতৰ ভাবমূৰ্তি নষ্ট কৰাৰ প্ৰচেষ্টা।