NORTHEAST NOW (Assamese)
অসম

অসমত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত? কিমানে সাৱটিলে মৃত্যুক?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2021 9:09 pm
child covid test

অসমত আজি কালিৰ তুলনাত কিছু বেছি সংখ্যক লোক কোভিডত আক্ৰান্ত হৈছে। কালি ৰাজ্যত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৫৬৯৯ গৰাকী ।

আজিৰ দিনটোত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৫৭০৪ গৰাকী। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰত এই তথ্য সদৰী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আজি কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৮৩ গৰাকী।

কালি এই সংখ্যা আছিল ৯০ গৰাকী। ইপিনে কালিৰ তুলনাত আজি কোভিডৰ পৰীক্ষাও বৃদ্ধি কৰা হয়। কালি ৰাজ্যত কৰা কোভিডৰ পৰীক্ষাৰ সংখ্যা আছিল ১১৬১১৯ টা ।

আজি কৰা কোভিডৰ পৰীক্ষাৰ সংখ্যা হৈছে ১১৯৪৪১ টা।

কামৰূপ মেট্ৰ’ত কালি ক’ভিডত আক্ৰান্ত হৈছিল ৬৭০ গৰাকী লোক । আজি সেই সংখ্যা ৫৬৯ গৰাকী হৈছে। কালি কোভিড পজিটিভিটিৰ হাৰ আছিল ৪.৯১ শতাংশ।

আজি কোভিড পজিটিভিটিৰ হাৰ সামান্য কমি ৪.৭৮ শতাংশ হৈছে । আজি ৰোগমুক্তিৰ হাৰ হৈছে ৮৫.১৯ শতাংশ ।

কালি আৰোগ্যৰ শতাংশ হাৰ আছিল ৮৫.২১। অৰ্থাৎ কালিতকৈ আজি আৰোগ্য হোৱা লোকৰ সংখ্যা কিছু কমিছে।

ইতিমধ্যে ৰাজ্যত আন্তঃজিলা ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ ফলত কোভিডৰ সংক্ৰমণ ভালে খিনি ৰোধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।