NORTHEAST NOW (Assamese)
অসম

অহা ১ ছেপ্টেম্বৰৰ পৰা ব্লেকলিষ্টেড হ’ব এইসমূহ চিম কাৰ্ড; প্ৰৱৰ্তন কৰা হৈছে ট্ৰাইৰ নতুন নিয়ম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2024 7:31 am
অহা ১ ছেপ্টেম্বৰৰ পৰা ব্লেকলিষ্টেড হ’ব এইসমূহ চিম কাৰ্ড; প্ৰৱৰ্তন কৰা হৈছে ট্ৰাইৰ নতুন নিয়ম

ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অথবা ট্ৰাইয়ে ভুৱা বা স্পেম কল বন্ধ কৰাৰ বাবে অহা ১ ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। গ্ৰাহকক প্ৰতাৰণা কৰিবলৈ কৰা এনে ভুৱা ফোন কল বন্ধ কৰিবলৈ এনেকুৱা এটা নিয়ম প্ৰৱৰ্তন কৰা হৈছে। তাৰ বাবে ইতিমধ্যে AIৰ সহায় লোৱা হৈছে।

নতুন নিয়ম অনুসৰি ভুৱা কলৰ দায়িত্ব টেলিকম অপাৰেটৰে ল’ব লাগিব। কাৰণ তেওঁলোকৰ নেটৱৰ্ক ব্যৱহাৰ কৰিয়েই যিহেতু সেই কল কৰা হৈছে। যদি কোনো গ্ৰাহকে কোনো ফোনক ভুৱা কল বুলি অভিযোগ কৰে, তেন্তে টেলিকম কোম্পানীয়ে ব্যৱস্থা ল’ব লাগিব। ইয়াৰ ফলত ভুৱা কলৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰা হৈছে।

TRAIৰ নিয়ম অনুসৰি কোনোবাই যদি তেওঁৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি টেলিমাৰ্কেটিং বা প্ৰমোচনেল কল কৰে তেন্তে সেই নম্বৰটো ২ বছৰৰ বাবে ব্লেকলিষ্টেড হ’ব। চৰকাৰে সেইবোৰ ৰোধৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে।

ভুৱা বা স্পেম কল কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি TRAI-য়ে জনাইছে। এনে ফোন কল কোনো কাৰণতে সহ্য কৰা নহ’ব। সেয় কোনোবাই যদি নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোচেনল ফোন কৰিছে তেন্তে সাৱধান হওক।