NORTHEAST NOW (Assamese)
Popular Stories

অসম চৰকাৰৰ বৃহৎ পদক্ষেপ: ৰাজ্যত স্থাপন হ’ব এআই চেণ্টাৰ অৱ এক্সেলেন্স

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 12, 2025 11:20 am

কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দক্ষতা বিকাশ আৰু চৰকাৰী সেৱাত ইয়াৰ ব্যৱহাৰ বৃদ্ধিৰ উদ্দেশ্যে অসম চৰকাৰে গুগলৰ সৈতে এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ ফলত চৰকাৰী সেৱা অধিক স্বচ্ছ, দ্ৰুত আৰু জনমুখী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আজি ৰাজ্যৰ তথ্য প্ৰযুক্তি বিভাগে গুগলৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰে। সূত্ৰ অনুসৰি, গুগল ক্লাউড টিমে অসম চৰকাৰৰ সৈতে কাম কৰি বিষয়াসকলক এআই প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদান কৰিব আৰু নাগৰিক সেৱা প্ৰক্ৰিয়া অধিক কাৰ্যক্ষম কৰাত সহায় কৰিব।

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই চুক্তিক অসমৰ বাবে এক “ঐতিহাসিক পদক্ষেপ” বুলি অভিহিত কৰি কয়, “অসম উত্তৰ-পূব ভাৰতৰ ‘এআই হাব’ হিচাপে বিকাশ লাভ কৰিব। এই পদক্ষেপৰ জৰিয়তে ৰাজহুৱা সেৱা অধিক স্বচ্ছ আৰু ক্ষিপ্ৰ হ’ব।”

এই চুক্তিৰ অধীনত অসম চৰকাৰে ৰাজ্যত “এআই চেণ্টাৰ অৱ এক্সেলেন্স” (AI Centre of Excellence) স্থাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই কেন্দ্ৰৰ মাধ্যমত ৰাজ্যৰ চৰকাৰী ব্যৱস্থাত এআইৰ প্ৰযুক্তিগত সংযোজন বৃদ্ধি কৰি শাসন ব্যৱস্থা অধিক আধুনিক, শক্তিশালী আৰু জনমুখী কৰাৰ লক্ষ্য লোৱা হৈছে বুলি সদৰী কৰিছে