NORTHEAST NOW (Assamese)
অসম

প্ৰতিবাদত সেও মানিলে ভৰত নৰহে; আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰি ছ’চিয়েল মিডিয়াত প’ষ্ট

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 28, 2021 3:00 pm
Bharat Narah

অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহে আহোম জনগোষ্ঠীক পূৰ্ব বংগীয় মুছলমানৰ সৈতে তুলনা কৰি যি মন্তব্য আগবঢ়াইছিল তাক লৈ এতিয়া সমগ্ৰ উজনি অসমতে প্ৰতিবাদৰ জোৱাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল।

তাৰ পাছতে আজি এক ফেচবুক প’ষ্টযোগে আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে নাওবৈচা সমষ্টিৰ বিধায়কগৰাকীয়ে।

ফেচবুক পোষ্টযোগে তেওঁ লিখি কয়, ‘অসম বিধান সভাৰ ২৪ মে’ তাৰিখে ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা আলোচনাৰ সময়ত মই দিয়া বক্তৃতাৰ কিছু বাক্যকলৈ বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে ,কোনো ব্যক্তি, সংগঠন, জাতি-জনগোষ্ঠী, বা সম্প্ৰদায়ক অপমান বা আঘাত দিয়াৰ এই বক্তব্যৰ উদ্দেশ্য নাছিল ।

‘তথাপি মোৰ বক্তব্যই কোনো ব্যক্তি ,সংগঠন বা সম্প্ৰদায়ৰ মনত যদি আঘাত দিছে তাৰ বাবে মই দুখ প্ৰকাশ কৰিছো। ভৱিষ্যত এনে স্পৰ্শকাতৰ বিষয়ত বক্তৃতা দিওতে মই সদায় সাৱধানতা অৱলম্বন কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছো।‘ ফেচবুক প’ষ্টযোগে লিখি নৰহে এইদৰে কয়।

Bhhhh

অসমত ছশ বছৰ ৰাজত্ব কৰি বৰ অসম গঢ়া আহোম সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ আগৰ পৰাই শ্ৰদ্ধা আৰু ভক্তি আছে আৰু ভৱিষ্যতেও ই সদায় অটুট থাকিব বুলি প’ষ্টটোত উল্লেখ কৰে ভৰত নৰহে।

তেওঁ ক্ষমা বিচাৰি লিখি কয়, ‘মোৰ বক্তৃতাৰ কিছু বাক্যই যদি আহোম সম্প্ৰদায়ৰ স্বাভিমানত আঘাত হানিছে, মই ইয়াৰ দ্বাৰাই ক্ষমা বিচাৰিছো।‘

উল্লেখযোগ্য যে, ভৰত নৰহে ভাষণ প্ৰসংগত চৰ অঞ্চলৰ উচ্ছেদিত লোকসকল আহোমসকলতকৈয়ো আগত অহা বুলি উল্লেখ কৰিছিল ভৰত নৰহে। তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছিল আৰু বহুতে ফেচবুকযোগেও নৰহক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল।