NORTHEAST NOW (Assamese)
অসম

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰিলে অসম চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2021 11:00 pm
E2e8lhWVIAUeMnq-750x375

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চাহ বাগিচাসমূহৰ প্ৰতিনিধিৰে কৰা আলোচনা মৰ্মে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেইমৰ্মে চাহ শ্ৰমিকৰ মজুৰি এতিয়া দৈনিক ২০৫ টকা হ’ব। পূৰ্বে ৰাজ্যৰ চাহ শ্ৰমিকে দৈনিক ১৬৭ টকাকৈ মজুৰি লাভ কৰি আছিল।চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি বৰাক তথা ব্ৰহ্মপুত্ৰ উভয় উপত্যকাতে প্ৰযোজ্য হ’ব।

উল্লেখ্য বৰাক উপত্যকাত চাহ শ্ৰমিকে এতিয়াৰে পৰা দৈনিক ১৮৩ টকাকৈ মজুৰি লাভ কৰিব। কিয়নো পূৰ্বে বৰাক উপত্যকাত চাহ শ্ৰমিকৰ দৈনিক মজুৰি আছিল ১৪৫ টকা।

উল্লেখ্য নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫০ টকাকৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু চৰকাৰৰ সেই সিদ্ধান্ত স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছিল আদালতে।

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ইণ্ডিয়ান টি এছোচিয়েছনকে ধৰি মুঠ ১৭ টা চাহ কোম্পানীয়ে আদালতত আবেদন জনোৱাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰী সিদ্ধান্তটো স্থগিত ৰখাৰ নিৰ্দেশ দিছিল।

চাহ কোম্পানীসমূহে অভিযোগ কৰা অনুসৰি চৰকাৰে কোনো পূৰ্ব আলোচনা নকৰাকৈয়ে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত লৈছে আৰু এই সম্পৰ্কীয় কমিটিও গঠন কৰি দিছে।চৰকাৰে এই ক্ষেত্ৰত নূন্যতম মজুৰি আইন ১৯৪৮ মানি চলা নাই বুলিও চাহ কোম্পানীসমূহে অভিযোগ কৰিছিল।

চাহ কোম্পানীসমূহে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মাইকেল জথানখুমাই চৰকাৰক চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত স্থগিত ৰখাৰ নিৰ্দেশ দিছিল।

ৰাজ্য চৰকাৰৰ কেবিনেটে ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকা মজুৰি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৰ্থাৎ পূৰ্বৰ তুলনাত ৫০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। যোৱা ২৬ মে’ত চৰকাৰে এক জাননীৰ জৰিয়তে পূৰ্বৰ কেবিনেট সিদ্ধান্ত বাতিল কৰাৰ কথা ঘোষণা কৰিছিল।

৫০ টকাৰ সলনি ৩৮ টকা বৃদ্ধি কৰা সন্ৰ্ভত টুইটাৰত মুখ্যমন্ত্ৰী শৰ্মাই এই বুলি মন্তব্য কৰে যে বাকী ১২ টকা সন্দৰ্ভতো আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱা হ’ব।

তাৎপয্যপূৰ্ণভাৱে চাহ শ্ৰমিকসকলে বা অন্যান্য চাহ জনগোষ্ঠীয় সংগঠন সমূহে দাবী কৰি আহিছিল যে চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব লাগে। কিন্তু অতদিনে ১৬৭ টকা দৈনিক মজুৰি লাভ কৰি আহিছিল।