NORTHEAST NOW (Assamese)
অসম

টীয়কৰ মুক্তিযোদ্ধা, বৈষ্ণৱ সংস্কৃতিৰ একান্ত সেৱক চন্দ্ৰ কান্ত শইকীয়াৰ পৰলোকপ্ৰাপ্তি

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 29, 2021 6:49 am
Chandrakanta Saikia 1

টীয়ক বনাই ন পমুৱা গাঁও নিবাসী বৈষ্ণৱ সংস্কৃতিৰ একান্ত সেৱক তথা মুক্তিযোদ্ধা চন্দ্ৰ কান্ত শইকীয়াৰ (৯৮) যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত পলোকপ্ৰাপ্তি হয়।

১৯২৩ চনত জন্ম গ্ৰহণ কৰা শইকীয়া স্বাধীনতা আন্দোলনৰ এগৰাকী সেনানী আছিল।

কমলাবাৰী সত্ৰৰ একান্ত সেৱক চন্দ্ৰ কান্ত শইকীয়াক ২০১৭ চনত কমলাবাৰী সংগীত মহাবিদ্যালয়ে সত্ৰজ্যোতি সন্মান প্ৰদান কৰিছিল।

মৃত্যুৰ সময়ত শইকীয়াই দুজন পুত্ৰ চাৰি গৰাকী কন্যা আৰু নাতি-নাতিনী সহ এক বৃহৎ পৰিয়াল ইহসংসাৰত এৰি থৈ যায়।

মুক্তিযোদ্ধা তথা বৈষ্ণৱ সংস্কৃতিৰ একান্ত সেৱক শইকীয়াৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰিছে।