NORTHEAST NOW (Assamese)
অসম

টীয়ক চাহ বাগিচা কৰ্তৃপক্ষৰ শ্ৰমিকৰ জীৱনক লৈ হেতালি; এদিনতে ১৩ জনকৈ শ্ৰমিক ক’ভিডত আক্ৰান্ত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 30, 2021 10:29 am
Tea Garden in Teok

ৰাজ্যৰ চৌদিশে কভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নতুন নতুন এছ অ’ পি জাৰি কৰাৰ পাছতো দেখা গৈছে যে চাহ বাগিচা অঞ্চলত চৰকাৰৰ এনে নিৰ্দেশনাক কোনো গুৰুত্ব প্ৰদান কৰা নাই।

যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ মাজলাইন আৰু ৩ নম্বৰ লাইনৰ ১৩ জনকৈ শ্ৰমিকৰ দেহত শেহতীয়াকৈ ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতো বাগিচাখনৰ কৰ্তৃপক্ষই কোনো সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা হোৱা নাই।

অভিযোগ মতে উক্ত লাইনৰ অন্যান্য শ্ৰমিকসকলে কালি বাগিচাৰ আন লাইনৰ শ্ৰমিকৰ সৈতে একেলগে পাত ছিগা কামত ব্যস্ত আছে।

গুৰুত্বপূৰ্ণ বিষয় যে মাত্ৰ এখনকৈ মাস্ক আৰু এটুকুৰাকৈ চাবোন দিয়েই দ্বায়িত্ব সামৰিছে কৰ্তৃপক্ষই।

সচেতন একাংশ চাহ শ্ৰমিকে চাহ বাগিচাৰ মাজলাইন আৰু ৩ নম্বৰ লাইনক কন্টেইনমেন জ’ন ঘোষণা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে l