NORTHEAST NOW (Assamese)
অসম

অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক, ছাত্ৰনেতা সমীৰণ বৰদলৈৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2021 12:33 pm
Samiran Bordoloi

অসম আন্দোলনৰ এগৰাকী অগ্রণী নেতা, অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্ৰাপ্ত প্রধান সম্পাদক, বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী সমীৰণ বৰদলৈৰ আজি পৰলোকপ্ৰাপ্তি ঘটে।

যোৰহাটৰ সমাজ জীৱনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সৰবৰহী সমাজকৰ্মী বৰদলৈয়ে আজি পুৱা ৭-১২ বজাত যোৰহাটৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

বিগত কিছু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল বৰদলৈয়ে।

সমীৰণ বৰদলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সদস্য, অসম পেৰা অলিম্পিক সন্থাৰ সভাপতি, অসম সাঁতোৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সদস্য তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদককে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

বৰদলৈৰ মৃত্যুত অসম সাহিত্য সভাই তিনিদিনীয়া শোক প্ৰকাশৰ কথা ঘোষণা কৰিছে। সাহিত্য সভাৰ সকলো কাৰ্যালয়তে তিনিদিনৰ বাবে পতাকা অবনমিত থাকিব।

বৰদলৈৰ অকাল মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্রধান সম্পাদক যাদৱ চন্দ্র শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।