NORTHEAST NOW (Assamese)
অসম

সাৱধান মহানগৰবাসী : গুৱাহাটীত দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্যই ৰূপ লৈছে ৰেপিড’ চালকৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 30, 2021 3:54 pm
NLFB

এইবাৰ ৰেপিড’ চালকৰ ৰূপত গুৱাহাটীত দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্য সক্ৰিয় হৈ উঠিছে।

ইতিমধ্যে মহানগৰ আৰক্ষীয়ে ৰেপিড’ চালকৰূপত গুৱাহাটীত সক্ৰিয় হৈ থকা এগৰাকী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।

গুৱাহাটীৰ নুনমাটিৰ ২ নং শালবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে উগ্ৰপন্থী সংগঠন NLFBৰ এজন কেডাৰক।

ধৃত NLFB ৰ দুৰ্ধৰ্ষ কেডাৰজন হৈছে বাক্সা জিলাৰ গোৰেশ্বৰৰ দীপক চৌধুৰী ওৰফে ডেলং।

ধৃত উগ্ৰপন্থী সদস্যজনক মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু নুনমাটি আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, বাক্সাৰ গোৰেশ্বৰৰ বাসিন্দা দীপক চৌধুৰীয়ে প্ৰায় তিনিমাহ পূৰ্বে গুৱাহাটীলৈ আহি নুনমাটিৰ ২ নং শালবাৰীৰ বাসিন্দা বিশ্বজিত ৰয় নামৰ ভিনীয়েকৰ ঘৰত আশ্ৰয় লৈ আছিল।

ভিনীয়েকৰ ঘৰত আশ্ৰয় লৈ দীপক চৌধুৰীয়ে ৰেপিড’ বাইক চালকৰ বেশত থাকি NLFBৰ সাংগঠনিক কাম কাজ চলাই আছিল।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অপৰাধ শাখা আৰু নুনমাটি আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই দুধর্ষ কেডাৰজনক গ্ৰেপ্তাৰ কৰে।

ধৃত কেডাৰজনৰ পৰা অভিযানকাৰী দলটোৱে কেইবাজাই 9MM পিষ্টলৰ সক্ৰিয় গুলী, AS 01 EK 1531 নম্বৰৰ ক’লা ৰঙৰ পালছাৰ এখন আৰু অপত্তিজনক নথি পত্ৰ জব্দ কৰিছে।