NORTHEAST NOW (Assamese)
দেশ

কোনো ৰাজনৈতিক নেতাৰ নহয়, চৰকাৰী কাৰ্যালয়ত এতিয়াৰ পৰা লাগিব কেৱল আম্বেদকাৰ আৰু ভগৎ সিঙৰ ফটো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 25, 2022 4:25 pm
Ambedkar and Bhagat Singh photos for Delhi offices

চৰকাৰী কাৰ্যালয়ত এতিয়াৰ পৰা কোনো ৰাজনৈতিক নেতাৰ ফটো দেখা নাযাব। চৰকাৰী অফিচত কেৱল বি আৰ আম্বেদকাৰ আৰু ভগৎ সিঙৰ ফটো লগোৱা হ’ব।

অৱশ্যে এই পদক্ষেপ কেৱল দিল্লীৰ চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি এই ঘোষণা কৰিছে।

“আজি মই ঘোষণা কৰিছো যে দিল্লী চৰকাৰৰ প্ৰতিটো কাৰ্যালয়ত বি আৰ আম্বেদকাৰ আৰু ভগত সিঙৰ ফটো থাকিব। এতিয়া আমি কোনো মুখ্যমন্ত্ৰী বা ৰাজনীতিবিদৰ ফটো নাৰাখিম।” কেজৰিৱালে এক অনুষ্ঠানত কয়।

কেজৰিৱালে কয় যে তেওঁ বাবা চাহেব আম্বেদকাৰ আৰু স্বাধীনতা সংগ্ৰামী ভগত সিঙৰ দ্বাৰা আটাইতকৈ অনুপ্ৰাণিত অনুভৱ কৰে।

নিজৰ ভাষণত কেজৰিৱালে কয়, “দুয়ো এনে এখন ভাৰতৰ সপোন দেখিছিল য’ত প্ৰতিজন শিশুৰ বাবে উচ্চ মানদণ্ডৰ শিক্ষা উপলব্ধ হ’ব। তেওঁলোকে এই বিপ্লৱৰ স্বপ্ন দেখিছিল আৰু এই বিপ্লৱ আমাৰো সপোন।”

স্বাধীনতাৰ ৭০ বৰ্ষৰ পাছত হ’লেও দিল্লীত তেওঁলোকৰ এই সপোন লাহে লাহে পূৰ্ণ হ’বলৈ আগবাঢ়িছে বুলি মন্তব্য কৰে কেজৰিৱালে।

গণৰাজ্য দিৱসৰ প্ৰাক: ক্ষণত দিল্লীৰ চৰকাৰী কাৰ্যালয়ত কেৱল এই দুই মহানুভৱ ব্যক্তিৰ ফটো থাকিব বুলি ঘোষণা কৰি কেজৰিৱালে আম্বেদকাৰ আৰু ভগৎ সিঙৰ পথেৰে দিল্লী চৰকাৰ আগবাঢ়িব বুলি উল্লেখ কৰে।