NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ বৰপথাৰত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা May 30, 2021 3:34 pm
bbb

বঙাইগাঁও আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ জিলাখনৰ চৌৰাগুৰিত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ আন এক অভিযান চলায় ৷

বঙাইগাঁও থানাৰ অন্তৰ্গত বৰপথাৰত বিশেষ সূত্ৰৰ পম খেদি সোনাউদ্দিন আলী নামৰ ব্যক্তি এজনৰ দোকান আৰু গৃহত অতৰ্কিতে চলোৱা অভিযাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত তথা বঙাইগাঁও থানাৰ টি এছ আই আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত চলোৱা অভিযানত আৰক্ষীয়ে ব্যক্তিজনৰ দোকান আৰু গৃহৰ পৰা ৪.৬৯৮ কিলোগ্ৰাম অবৈধ গাঞ্জা আৰু ২৮ টা চিলিম জব্দ কৰে ৷

আৰক্ষীয়ে পিছত জব্দ কৰা গাঞ্জাসহ অবৈধ বেহাৰ লগত জড়িত সোনাউদ্দিন আলীক গ্ৰেপ্তাৰ কৰি থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷