NORTHEAST NOW (Assamese)
অসম

অভিনেত্ৰী নিমৰতৰ সৈতে ‘প্ৰেম’ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ! বিবাহক লৈ কি ক’লে শাস্ত্ৰীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2021 3:06 pm
Ravi Shastri

বলীউদ আৰু ক্ৰিকেটৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। বিভিন্ন সময়ত ক্ৰিকেটাৰ আৰু বলীউদ অভিনেত্ৰ্ৰীৰ প্ৰেম-পৰিণয়ৰ কাহিনীয়ে বাতৰিৰ শিৰোণাম দখল কৰিছে।

বলীউদ সুন্দৰীৰ ক্ৰিকেটাৰৰ প্ৰেমৰ বহুত কাহিনীয়েই চমক সৃষ্টি কৰিলেও ইয়াৰে কেইটামানেহে সম্পৰ্কৰ বান্ধোনত সোমাই পৰিছে।

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীক লৈ শেহতীয়াভাৱে বিশেষ চৰ্চা চলিছে। শুনিবলৈ পোৱা গৈছে যে অভিনেত্ৰী নিমৰত কৌৰৰ সৈতে ৰবিৰ প্ৰেম জমি উঠিছে। অৱশ্যে, দুয়োজনেই এই কথা স্বীকাৰ কৰা নাই যদিও ইতিমধ্যে তেওঁলোকৰ বিয়াক লৈ চলিছে সৰস চৰ্চা।

ইয়াৰ মাজতে মুখ খুলিছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে। পোনপোটীয়াকৈ কোনো উত্তৰ দিয়া নাই শাস্ত্ৰীয়ে। বৰঞ্চ সাংবাদিকৰ ওপৰত বিৰক্তিহে প্ৰকাশ কৰিলে।

বৰ্তমান ৫৯ বছৰীয়া শাস্ত্ৰীয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত থকাৰ লগতে নিজৰ অসন্তুষ্টিও প্ৰকাশ কৰে।

যোৱা ২০১৮চনৰ পৰাই শাস্ত্ৰী-নিমৰতৰ প্ৰেমৰ গুঞ্জন চলি আছে। তেওঁলোকৰ বিয়াৰ কথাও আনকি চৰ্চাৰ মাজলৈ আহিছে।

উল্লেখ্য যে অতীতত শৰ্মিলা-পাটৌডি, আজাহাৰুদ্দিন-সংগীতা বিজলানিকে ধৰি বৰ্তমান বিৰাট-অনুষ্কালৈকে বহুতেই ইতিমধ্যে যুগ্ম জীৱন যাপন কৰিছে।