NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

‘ছবিখনৰ ব্যৱসায় ৩.৫ কোটি, অভিনেতাজনে পাৰিশ্ৰমিক লয় ৩৫ কোটি’- বলীউডৰ বেয়া দিন সন্দৰ্ভত কৰণ জোহৰৰ মন্তব্য

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া July 7, 2024 5:19 pm

বলীউডৰ বক্স অফিচৰ পৰিস্থিতি যোৱা বছৰৰ তুলনাত এইবাৰ বৰ ভাল নহয় বুলি চৰ্চা অব্যাহত আছে। এক পৰিসংখ্যা অনুসৰি যোৱা বছৰ শ্বাহৰুখ খান অভিনীত ছবি ‘জৱান’-এ বক্স অফিচত প্ৰায় ১২০০ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে এইবাৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি ‘ফাইটাৰ’-এ ৩৫৮ কোটি টকা উপাৰ্জন কৰিছে। প্ৰযোজক-পৰিচালক কৰণ জোহৰে এইবাৰ বলীউডৰ বাণিজ্যিক পৰিস্থিতি সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে।

বলীউডৰ ‘কঠিন’ পৰিস্থিতি মানি লৈছে কৰণে। তেওঁ কয়, “দৰ্শকৰ বাছনি সলনি হৈছে। আৰু এজন পৰিচালক হিচাপে যদি আপুনি ছবিৰ ব্যৱসায় বৃদ্ধি কৰিব বিচাৰে তেন্তে ছবিখনক সকলো স্তৰতে সফল কৰি তুলিব লাগিব। ছবিখন কেৱল মাল্টিপ্লেক্সত চলিলেই যথেষ্ট নহ’ব।” কৰণৰ ভাষাত, “উদ্যোগটোত ১০ জন উল্লেখযোগ্য অভিনেতা আছে। আৰু তেওঁলোকৰ প্ৰত্যেকেই বিপুল পৰিমাণৰ পাৰিতোষিক দাবী কৰিছে।” কৰণে কয়, “যি অভিনেতাই পাৰিশ্ৰমিক হিচাপে ৩৫ কোটি টকা বিচাৰিছে, প্ৰথম দিনাই বক্স অফিচত তেওঁৰ ছবিখনৰ ব্যৱসায়ৰ পৰিমাণ ৩ কোটি ৫০ লাখ টকা!এই সংখ্যাটোৰ মিল কৰাটো কঠিন।”

কৰণে অনুভৱ কৰে যে বিভিন্ন ধৰণৰ ছবিৰ নিৰ্মাণ বন্ধ কৰিব নালাগে। কোনো বিশেষ সূত্ৰৰ নীতি মানি চলিবলৈ তেওঁ আগ্ৰহী নহয়। কৰণৰ ভাষাত, “এতিয়া ‘পাঠান’ আৰু ‘জৱান’ সফল হোৱাৰ পাছত যদি সকলোৱে একচন ছবি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে তেন্তে কঠিন হ’ব।”