NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে স্থাপন কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী প্ৰেক্ষাগৃহৰ আধাৰশিলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2019 5:23 pm
ranjan-gogo

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেওবাৰে উৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে।

‘‘এয়া মোৰ বাবে আনন্দৰ দিন’’ আধাৰশিলা স্থাপন কৰি গগৈয়ে এনেদৰে মন্তব্য কৰে।

দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে বহুদিনৰ পৰা প্ৰয়োজনীয় হৈ থকা স্থায়ী প্ৰেক্ষাগৃহটো স্থাপনৰ দিশে গতি লাভ কৰাৰ বাবে সকলোৰে এটা দীৰ্ঘদিনীয়া সপোন পুৰণ হ’ল বুলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্তব্য কৰে।

প্ৰেক্ষাগৃহটোৰ আধাৰশিলা স্থাপন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে নিৰ্মাণকাৰী সংস্থাক ইয়াৰ নিৰ্মাণ কাৰ্য্য ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে আহ্বান জনায়।

অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজিত সিং, কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋষিকেশ ৰয়ৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বহু সংখ্যক ন্যায়াধীশে অংশগ্ৰহণ কৰে।

আনহাতে, অনুষ্ঠানত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ভাষণ প্ৰদান কৰি দেশৰ উচ্চ ন্যায়ালয়সমূহত ১০৭৯ খন আসনৰ ভিতৰত ৪০৩ খন আসনে খালী হৈ থকা বুলি উল্লেখ কৰে।