NORTHEAST NOW (Assamese)
Popular Stories

বিহালীত মাতৃ আৰু আইতাকে নিমখ খুৱাই হত্যা কৰিলে কণমানি সন্তানক

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম August 5, 2019 5:51 pm
বিহালীত মাতৃ আৰু আইতাকে নিমখ খুৱাই হত্যা কৰিলে কণমানি সন্তানক

বিশ্বনাথ জিলাৰ বিহালীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। বিহালীৰ মৰাণ গাঁৱত নিজ মাতৃ আৰু আইতাকৰ হাততে এটি সদ্যোজাত শিশুৱে মৃত্যুবৰণ কৰিব লগা ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

হত্যাকাণ্ড সংঘটিত কৰা মাতৃ মীনা গোৱালা আৰু আইতাক শান্তি গোৱালা বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বাতৰি লিখা পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও একাংশৰ মতে অবৈধ প্ৰেমৰ পৰিণতিতে উক্ত জঘন্য কাণ্ড সংঘটিত হ’ল।

এগৰাকী স্থানীয় মহিলাই জনোৱা অনুসৰি অতি নৃশংসভাৱে মাতৃ আৰু আইতাকে নিমখ খুৱাই আৰু মুখত কাপোৰেৰে সোপা দি সদ্যোজাত ল’ৰা সন্তানটিক হত্যা কৰে।

উল্লখযোগ্য যে ঘটনাটো দেওবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল যদিও আজিহে পোহৰলৈ আহে। বৰগাং আৰক্ষীয়ে সম্প্ৰতি হত্যাকাৰী মাক আৰু আইতাকৰ সন্ধানত অভিযান চলাই আছে বুলি জানিবলৈ দিয়ে।