NORTHEAST NOW (Assamese)
অসম

ভাৰতত প্ৰথমবাৰৰ বাবে কোভিড ৰোগীৰ চিকিৎসাত ব্যৱহাৰ হ’ব নাকৰ স্প্ৰে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 9, 2022 4:38 pm

অতিমাৰী কোভিডৰ বিৰুদ্ধে ভাৰতে যুঁজ অব্যাহত ৰাখিছে। ইতিমধ্যে কোনো নিৰ্দিষ্ট জৰৱ নথকা কোভিডৰ চিকিৎসাত ভাৰত চৰকাৰে কেইবাবিধো দৰৱ ব্যৱহাৰ কৰিছে। শেহতীয়াকৈ ভাৰতত প্ৰথমবাৰৰ বাবে নাজাল স্প্ৰেৰ জৰিয়তে কভিড প্ৰতিহত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সেইমৰ্মে মুম্বাই স্থিত আন্তঃৰাষ্ট্ৰীয় ফাৰ্মা কোম্পানী গ্লেনমাৰ্কে কোভিডত আক্ৰান্ত প্ৰাপ্তবয়স্ক ৰোগীসকলৰ চিকিৎসাৰ বাবে চানোটাইজ নামৰ কোম্পানীটোৰ সৈতে মিলি ভাৰতত নাইট্ৰিক অক্সাইড নাজাল স্প্ৰে (ফেবিস্প্ৰে) মুকলি কৰিছে। এই স্প্ৰে বিধ নাকত ব্যৱহাৰ কৰা হ’ব।

ভাৰতৰ ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেলে এই দৰৱ বিধৰ প্ৰয়োগত অনুমোদন জনাইছে। ফলত শীঘ্ৰেই ভাৰতৰ বজাৰত উপলব্ধ হ’ব এই স্প্ৰে বিধ।

স্প্ৰে বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সময়ত কোভিড আক্ৰান্ত লোকৰ ক্ষেত্ৰত ২৪ ঘণ্টাত ৯৪ শতাংশ আৰু ৪৮ ঘণ্টাত ৯৯ শতাংশ ভাইৰেল লোড হ্ৰাস হোৱা পৰিলক্ষিত হৈছিল।

নাইট্ৰিক অক্সাইড নাকৰ স্প্ৰে ৰোগীৰ ক্ষেত্ৰত সুৰক্ষিত আৰু ইয়াক ৰোগীয়ে ভালদৰে সহ্য কৰিব পৰা বিধৰ বুলি প্ৰকাশ কৰিছে গ্লেনমাৰ্কে ।

কোম্পানীটোৱে দাবী কৰে যে যেতিয়া নাইট্ৰিক অক্সাইড স্প্ৰে নাকৰ শ্লেষ্মাৰ ওপৰত স্প্ৰে কৰা হয় ই ভাইৰাছৰ বিৰুদ্ধে এক ৰাসায়নিক বাধা হিচাপে কাম কৰে। ফলত ক’ৰ’না ভাইৰাছ হাওঁফাওঁৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে।

গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডৰ মুখ্য বাণিজ্যিক বিষয়া ৰবাৰ্ট ক্ৰোকাৰ্টে কয় যে ‘আমি নিশ্চিত যে ই ৰোগীসকলক যথেষ্ট পৰিমাণে সকাহ দিব পাৰিব’। ভাৰতে কোভিডৰ বিৰুদ্ধে দি অহা যুঁজ খনত ই এক অস্ত্ৰ হিচাবে পৰিগণিত হ’ব বুলি তেওঁ মন্তব্য কৰে।

গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডৰ ক্লিনিকেল ডেভেলপমেণ্টৰ মুৰব্বী ড. মনিকা টণ্ডনে কয় যে দৰৱ বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণত যথেষ্ট আশাব্যঞ্জক ফলাফল লাভ কৰা হৈছে। সেয়ে এই দৰৱে কোভিড আক্ৰান্তসকলক বহু পৰিমাণে সকাহ দিব পাৰিব বুলি আশা কৰা হৈছে।