NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ কাৰ্য্যালয়ৰ পৰা প্ৰচাৰৰ দ্বিতীয়টো সুযোগ ল’লে উপমন্যু হাজৰিকাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 12, 2019 8:41 pm
Upamanyu Hazarika

কেইদিনমান পূৰ্বে বিজেপিৰ কৰ্মীহীন এটা নিৰ্বাচনী কাৰ্য্যালয়ত আকস্মিকভাৱে প্ৰৱেশ কৰি গোচৰৰ সন্মুখীন হোৱা গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই আজি আকৌ গেৰুৱা দলটোৰ এটা নিৰ্বাচনী কাৰ্য্যালয়ত প্ৰৱেশ কৰে।

আজি দুধনৈত প্ৰচাৰ চলোৱাৰ সময়ত এই সুযোগ লয় হাজৰিকাই। অৱশ্যে এইবাৰ কৰ্মীবিহীন নাছিল কাৰ্য্যালয়টো।

বহুল ৰাজহুৱা ভাবমূৰ্তি থকা হাজৰিকাক কাৰ্য্যালয়টোৰ বিজেপি কৰ্মীকেইজনে দেখাৰ লগে লগে কৰমৰ্দন কৰে। কাৰ্য্যালয়টোত থকা আটাইকে নিজহাতে নিজৰ প্ৰচাৰ পত্ৰিকা দিয়ে নিৰ্দলীয় প্ৰাৰ্থীজনে।

প্ৰাৰ্থীজনে আজি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ৩৬ নং দুধনৈ সমষ্টিত পদযাত্ৰাৰে প্ৰচাৰ চলাইছিল।

প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্য্যালয়টো এৰিবৰ সময়ত বিজেপি কৰ্মীকেইজনক বিলাবলৈ দি আহে নিজৰ প্ৰচাৰ পত্ৰ। হাজৰিকাই নিজৰ ফেইচবুক পেইজৰ জৰিয়তে এই সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে সম্প্ৰচাৰো কৰে, যিটো তেওঁ যোৱা ৬ এপ্ৰিলৰ ঘটনাটোতো কৰিছিল।

https://www.facebook.com/upamanyuhazarikaguwahati/videos/2235920960004636/

লগতে পঢ়ক বিজেপিৰ কাৰ্য্যালয়ৰ পৰা প্ৰচাৰ কৰাৰ বিৰল সুযোগ পালে নিৰ্দলীয় উপমন্যু হাজৰিকাই

উল্লেখযোগ্য যে ৬ এপ্ৰিলত একেদৰেই পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে গুৱাহাটীৰ নুনমাটিত থকা বিজেপিৰ এটা নিৰ্বাচনী কাৰ্য্যালয়ত প্ৰৱেশ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীজন। ইয়াৰ পিছতে বিজেপিৰ লিগেল চেলৰ আহ্বায়ক বেনুধৰ নাথে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল নুনমাটি থানাত। হাজৰিকা আৰু তেওঁৰ সমৰ্থকৰ বিৰুদ্ধে ‘নথি-পত্ৰ চুৰি’ৰ দৰে অভিযোগ আনিছিল গোচৰটোত।

আনহাতে তাৰ প্ৰতিক্ৰিয়া কঠোৰভাৱে দি হাজৰিকায়ো বিজেপিৰ লিগেল চেলৰ আহ্বায়ক নাথৰবিৰুদ্ধে নুনমাটি থানাত এটা গোচৰ তৰিছিল।