NORTHEAST NOW (Assamese)
অসম

হঠাতে বিয়া পাতিলে বলীউদৰ অভিনেত্ৰী য়ামি গৌতমে; দৰা কোন জানেনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 5, 2021 11:28 am
Yami Gautom

সাধাৰণতে ৰাজহুৱা জীৱনৰ পৰা প্ৰায়ে আঁতৰি ফুৰে অভিনেত্ৰী য়ামি গৌতম। সেয়ে, স্বাভাৱিকতেই তেওঁৰ প্ৰেমৰ খৱৰো কোনোও পোৱা নাছিল।

সেইদৰে অভিনেত্ৰী গৰাকীৰ বিয়াৰ খৱৰো কোনেও গমেই নাপালে। শুকুৰবাৰে হঠাতে সকলোকে আচৰিত কৰি য়ামিয়ে শ্বেয়াৰ কৰিলে নিজৰ বিয়াৰ ফটো।

কিন্তু দৰা কোন? স্বাভাৱিকতেই সকলোৰে জানিবলৈ ইচ্ছা হ’বই। পিচে, এই সকল উত্তৰ ছবিয়েই দাঙি ধৰিছে।

অভিনেত্ৰী য়ামিৰ জীৱনসংগীৰ নাম হৈছে আদিত্য ধৰ। আদিত্য ‘উৰি: দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’ ছবিখনৰ পৰিচালক।

শুকুৰবাৰে আদিত্যৰ সৈতে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিলে য়ামিয়ে। ছচিয়েল মিডিয়াত প’ষ্ট শ্বেয়াৰ কৰি বিখ্যাত কবি ৰুমিৰ কবিতাও লিখিলে অভিনেত্ৰীগৰাকীয়ে।

ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ পাছতেই নৱ দম্পতিলৈ ভাহি আহিছে শুভেচ্ছাৰ জোৱাৰ। বলীউদৰ বিভিন্ন তাৰকাই শুভেচ্ছাৰে উপচাই দিছে অভিনেত্ৰীগৰাকীৰ নতুন জীৱনৰ আৰম্ভণিত।

উল্লেখ্য যে বলীউদৰ বহু চৰ্চিত ছবি ‘ভিকি ড’নাৰ’ৰ জৰিয়তে আয়ুষ্মান খোৰানাৰ বিপৰীতে অভিনয় জীৱনৰ পাতনি মেলা য়ামিয়ে ইতিমধ্যে বলীউদৰ কেইবাখনো ছবিত অভিনয় কৰিছে।

ইয়াৰ মাজতে ‘উৰি: দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’ ছবিখনৰ পৰিচালক আদিত্যৰ মাজত প্ৰেমৰ সন্ধান লাভ কৰি ঘনিষ্ঠ হৈ পৰিছিল দুয়ো। অৱশেষত সকলোৰে অলক্ষিতে যুগ্ম জীৱনৰ পাতনিও মেলিলে দুই তাৰকাই।