NORTHEAST NOW (Assamese)
Popular Stories

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 23, 2025 3:38 pm

ইউৰোপৰ দেশ ডেনমাৰ্কত ২০৪০ চনত অৱসৰৰ বয়স হব ৭০ বছৰ।ইয়াৰ বাবে দেশখনেও আইন প্ৰণয়ন কৰিছে। আৰু ইয়াৰ ফলত দেশখনত চৰকাৰী সেৱাৰ পৰা অৱসৰ লোৱাৰ বয়স ইউৰোপীয় দেশসমূহৰ ভিতৰত সৰ্বাধিক হব।

এই তথ্য শুকুৰবাৰে (২৩ মে) এ এফ পি সংবাদ সংস্থা আৰু বিবিচিয়ে পৃথক পৃথক প্ৰতিবেদনত প্ৰকাশ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে বৃহস্পতিবাৰে ডেনমাৰ্কৰ সংসদে এনে আইন প্ৰণয়ন কৰি দেশখনৰ জনসেৱাৰ অৱসৰৰ বয়স বৰ্তমানৰ ৬৭ বছৰৰ পৰা ২০৪০ চনত ৭০ বছৰলৈ বৃদ্ধি কৰিব।

কোপেনহেগেনৰ পৰা এএফপি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ডেনমাৰ্কৰ সংসদ ফলকেটিঙে নিজৰ ৱেবছাইটত জনাইছে যে ৮১ জন সাংসদে নতুন আইনখনৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ২১ জন সাংসদে বিপক্ষে ভোটদান কৰিছে।

২০০৬ চনৰ পৰা ডেনমাৰ্ক চৰকাৰে নাগৰিকৰ গড় আয়ুসৰ ওপৰত ভিত্তি কৰি অৱসৰৰ বয়স নিৰ্ধাৰণ কৰি আহিছে আৰু প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ইয়াক পুনৰীক্ষণ কৰা হয়। এই নীতিৰ অধীনত ২০৩০ চনত অৱসৰৰ বয়স ৬৮ বছৰ হব আৰু ২০৩৫ চনত ৬৯ বছৰলৈ বৃদ্ধি পাব।

নতুন আইন অনুসৰি ১৯৭০ চনৰ ৩১ ডিচেম্বৰৰ পাছত জন্ম লোৱাসকলৰ অৱসৰৰ বয়স হব ৭০ বছৰ।

ডেনমাৰ্কৰ ছচিয়েল ডেমক্ৰেটিক প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে যোৱা বছৰ কৈছিল যে অৱসৰৰ বয়স ৭০ বছৰ হলে চৰকাৰে এই ব্যৱস্থাটো পুনৰ বিবেচনা কৰিবলৈ সাজু হব।

যোৱা আগষ্ট মাহত বাৰ্লিংগস্কে কাকতত তেওঁ কয় যে আমি আৰু বিশ্বাস নকৰোঁ যে অৱসৰৰ বয়স স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাব।