NORTHEAST NOW (Assamese)
অসম

বিলাসীপাৰাৰ চান্দৰডিঙাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, সৰবৰাহকাৰী পলাতক 

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ June 5, 2021 5:53 pm
ccp

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা মহকুমাৰ শালকোছা আৰক্ষী চকী এলাকাধীন হাতীপোতা গাওঁ পঞ্চায়তৰ চান্দৰ ডিঙা এলেকাত শালকোছা আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ।

ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত চান্দৰ ডিঙা গাওঁৰ বাসিন্দা জামাত আলীৰ ঘৰৰ পৰা এই গাঞ্জা খিনি উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰ কৰা গাঞ্জা খিনিৰ পৰিমাণ প্ৰায় পাঁচ কিলোগ্ৰাম হ’ব বুলি জানিব পৰা গৈছে ।
দীৰ্ঘদিন ধৰি অঞ্চলটোত জামাত আলীয়ে গাঞ্জাৰ ব্যৱসায় ৰমৰমীয়া বেহা চলাই আহিছে ।

এই অঞ্চলৰ উপৰি জামাতে ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা চুনাৰি ,লক্ষীপুৰ তথা গোৱালপাৰা জিলাৰ অন্যান্য অঞ্চলতো এই গাঞ্জাঁ সৰবৰাহ কৰি আছিল বুলি সন্দেহ কৰা হৈছে ।
আৰক্ষীৰ অভিযানৰ উমান পাই জামাত আলি পলাই গৈছে । এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

বিলাসীপাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমণি দাস আৰু আৰক্ষী বিষয়া প্ৰিয়ব্ৰত শৰ্মাৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।

ইপিনে চাপৰ আৰক্ষীয়ে ড্ৰাগছ আৰু নিচা জাতীয় টেবলেট , কাফ্ ছিৰাপ আদিৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছে বুলি চাপৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই প্ৰকাশ কৰিছে।