NORTHEAST NOW (Assamese)
অসম

কমাৰবন্ধাত অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু সুৰা জব্দ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন June 6, 2021 12:57 pm
Kamarbandha police raid

গোলাঘাট জিলাত অসাধু চক্ৰৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান অব্যাহত আছে। বিগত কিছুদিন ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তোলা হৈছে।

গোলাঘাট জিলা খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগ, আবকাৰী বিভাগ আৰু কমাৰবন্ধা আৰক্ষীৰ এটা যৌথ অভিযানত শনিবাৰে বৃহৎ পৰিমাণৰ পেট্ৰলিয়ামজাত সামগ্ৰী, অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু অবৈধ সুৰা জব্দ কৰা হয় ।

দিনৰ প্ৰায় চাৰে ১১ বজাত কমাৰবন্ধাৰ ৰে’লগেট অঞ্চলত চলোৱা এই অভিযানত ১৫ টা ৰন্ধন গেছৰ চিলিণ্ডাৰ, ৪০০ লিটাৰ অবৈধ সুৰা আৰু পেট্ৰলিয়ামজাত সামগ্ৰী জব্দ কৰা হয়।

আবকাৰী বিভাগে ঘটনাস্থলীতে অবৈধ সুৰাখিনি নষ্ট কৰে।