NORTHEAST NOW (Assamese)
ছিকিম

ছিকিমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা কৰিমঃ এফ বি বি ফেমিনা মিছ ইণ্ডিয়া ছিকিম পৰ্মিলা চেত্ৰী

Posted by: সাগৰ চেত্ৰী March 28, 2018 2:26 pm
parmila setri

মিছ ইণ্ডিয়া ছিকিম পৰ্মিলা চেত্ৰীয়ে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এফ বি বি ফেমিনা মিছ ইণ্ডিয়াৰ বাবে নিজকে সাজু কৰি তোলাত ব্যস্ত আছে। তেওঁ ২২ মাৰ্চত এফ বি বি ফেমিনা মিছ ইণ্ডিয়াৰ অডিশ্যনত এফ বি বি ফেমিনা মিছ ইণ্ডিয়া ছিকিম ২০১৮ৰ খিতাপ অৰ্জন কৰে।

পূব ছিকিমৰ ছাংখোলাৰ নিবাসী ২২ বছৰীয়া পৰ্মিলা চেত্ৰীয়ে টাডংস্থিত ছিকিম চৰকাৰী মহাবিদ্যালয়ৰ পৰা পৰ্যটন বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে।

পৰ্মিলা চেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয়- ‘এফ বি বি ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰিবলৈ পায় মই অত্যন্ত সুখী। দেশৰ সকলো প্ৰান্তৰ পৰাই প্ৰতিভাসম্পন্ন মডেলে এই প্ৰতিযোগিতাত অংশ ল’ব। যথেষ্ট প্ৰত্যাহ্বান হ’লেও মোৰ কাৰণে এয়া এক নতুন অভিজ্ঞতা। হ’লেও মই এই প্ৰতিযোগিতাখনত ছিকিমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সকলো প্ৰকাৰৰে চেষ্টা কৰিম’।

উল্লেখ্য যে এই বহু প্ৰত্যাশিত সৌন্দৰ্য প্ৰতিযোগিতাখনৰ বাবে পৰ্মিলা চেত্ৰীয়ে বৰ্তমান কথনশৈলী, ফিটনেছ আৰু অন্যান্য বিষয়ত নিজকে সাজু কৰি তোলাত ব্যস্ত হৈ আছে। তেওঁ এই প্ৰতিযোগিতাখনৰ বাবে অহা মাহত মুম্বাইলৈ ৰাওনা হ’ব বুলি জনায়।

পছিটিউড নামৰ এটি সংস্থাই পৰ্মিলা চেত্ৰীক সৌন্দৰ্য প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুত কৰাত সহায় কৰি আছে।

পছিটিউডৰ চিইঅ’ গুৰমিলিয়া ভূটীয়াই পৰ্মিলা চেত্ৰীক শুভেচ্ছা প্ৰদান কৰাৰ লগতে এয়া ছিকিমৰ বাবে এক গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। তেওঁ লগতে কয়- ‘পৰ্মিলা যথেষ্ট প্ৰতিভাসম্পন্ন আৰু সদায় নতুন নতুন কথা শিকিবৰ বাবে যত্ন কৰে। প্ৰতিযোগিতাখনত তেওঁ উন্নতমানৰ প্ৰদৰ্শন কৰিব’।

উল্লেখযোগ্য যে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত পৰ্মিলাই ভবিষ্যতত এগৰাকী সফল মডেল আৰু অভিনেত্ৰী হ’ব বিচাৰে বুলি প্ৰকাশ কৰে।