NORTHEAST NOW (Assamese)
অসম

কেটেতং বাবু পথাৰত ভয়ংকৰ বাইক দুৰ্ঘটনাত এজনৰ মৃত্যু,এজন আহত

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ June 6, 2021 8:02 pm
hh

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেতং বাবু পথাৰত আজি আবেলি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন বিপৰীত দিশৰ পৰা অহা বাইকৰ মুখামুখি সংৰ্ঘৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।

দুৰ্ঘটনাটোত মাৰ্ঘেৰিটা কেটেতং নাকং পথাৰ নিৱাসী পশু চিকিৎসা ক্ষেত্ৰ সহায়ক ৰাজু কলিতা নামৰ লোকজন থিতাতে নিহত হোৱাৰ লগতে সুনীল ৰয় নামৰ খামন পথাৰ অঞ্চলৰ এজন যুৱক গুৰুতৰ ভাৱে আহত হয়।

পশু চিকিৎসা ক্ষেত্ৰ  সহায়কগৰাকীৰ মৃত্যুত  অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে।