NORTHEAST NOW (Assamese)
অসম

বাঁহতলি¸ জংঘলৰ মাজত লুকুৱাই ৰখা এহাজাৰ লিটাৰ অবৈধ চুলাই নষ্ট কৰিলে উলুৱনী আৰক্ষীয়ে

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা June 7, 2021 2:03 pm
liquer destroyed final

এইবাৰ অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে যৌথ অভিযানত নামিল আৰক্ষী আৰু সাংবাদিকৰ। কলিয়াবৰৰ উলুৱনি আৰক্ষীয়ে সোমবাৰে বেঙেনাআটীত নষ্ট কৰিলে এহাজাৰ লিটাৰ অবৈধ চুলাই।

আগে-আগে আৰক্ষী¸ পিছে-পিছে সাংবাদিক। এইদৰে গৈ বেঙেনাআটীৰ একাংশ ঘৰৰ বাহিৰে-ভিতৰে অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলালে আৰক্ষীয়ে।

আৰক্ষী-সাংবাদিকৰ দল অহা গ’ম পাই ঘৰ এৰি পলায়ন চুলাই কৰে বেপাৰী। বেঙেনাআটীৰ কেইবাঘৰতো উলুৱনী আৰক্ষীয়ে অভিযান চলায়।

আশ্চৰ্যজনকভাৱে আৰক্ষী অহা গ’ম পাই  চুলাই বেপাৰীসকলে অবৈধভাৱে প্ৰস্তুত কৰা চুলাই লুকুৱাই ৰাখে বাঁহতলি¸ জংঘলৰ মাজত।

অৱশেষত বাঁহৰ তলি¸ জংঘলৰ মাজলৈ সোমাই গৈ আৰক্ষীয়ে এহাজাৰ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে চুলাই বনোৱা সা-সৰঞ্জাম¸বাচন-গামলা আদিও ধ্বংস কৰে।

কলিয়াবৰৰ উলুৱনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত চুলুং আৰক্ষী আৰু কলিয়াবৰৰ সাংবাদিকৰ এটি দলে অবৈধ চুলাই ভাটিসমূহ উচ্ছেদ কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ¸ চুলাইৰ নিষিদ্ধ বেহাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ অংশ হিচাপে এতিয়া তৎপৰ হৈছে কলিয়াবৰ আৰক্ষী প্ৰশাসন।

সাম্প্ৰতিক কৰ’না মহামাৰীৰ এই ভয়াৱহ সময়তো একাংশই চলাই গৈছে এই দুস্কাৰ্য। আংশিক লকডাউনত জনজীৱন স্তব্ধ হোৱাৰ সময়তো গা লৰা নাই অবৈধ চুলাই ব্যৱসায়ীৰ। এইসকল অবৈধ চুলাই ব্যৱসায়ীয়ে কেতিয়া যে শিক্ষা ল’ব সেয়া সময়েহে কব।