NORTHEAST NOW (Assamese)
অসম

Darshan Nalkande দুৰ্দান্ত! হেট্ৰিকসহ চাৰিটা বলত চাৰিটা উইকেট লৈ অভিলেখ গঢ়িলে এইগৰাকী ভাৰতীয় বলাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2021 7:45 am
darshan_nalkande. Hattrick

Darshan Nalkande শ্ৰীলংকাৰ বিধ্বংসী পেচাৰ লাচিথ মালিংগাই বহুদিন পূৰ্বে আন্তৰ্জাতিক ক্ৰিকেটত হেট্ৰিকসহ একেৰাহে চাৰিটা বলত চাৰিটা উইকেট দখল কৰিছিল। যোৱা টী-২০ বিশ্বকাপত আয়াৰলেণ্ডৰ কেম্পহাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে একেই অভিলেখ গঢ়ে।

এইবাৰ ঘৰুৱা টী-২০ টুৰ্ণামেন্টত এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে একেদৰে হেট্ৰিকসহ চাৰিটা বলত চাৰিটা উইকেট দখল কৰি অভিলেখ গঢ়িছে।

চৈয়দ মুস্তাক আলী ট্ৰফীত কৰ্ণাটকৰ বিৰুদ্ধে ছেমিফাইনেলত ইনিংছৰ অন্তিম অভাৰত বলিং কৰি একেৰাহে চাৰিটা উইকেট দখল কৰে বিদৰ্ভৰ দৰ্শন নালকাণ্ডেই।

দৰ্শনে তেওঁৰ অভাৰটোৰ দ্বিতীয়টো বলত অনিৰুদ্ধ যোশীক আউট কৰাৰ পাছত তৃতীয়টো বলত বি আৰ শৰতক পেভলিয়নলৈ পঠায়। তাৰপাছতে জগদীশ সূচীতক আউট কৰি হেট্ৰিক সম্পূৰ্ণ কৰে দৰ্শনে। সেইদৰে, চতুৰ্থ বলত অভিনৱ মনোহৰৰ উইকেট দখল কৰে বিদৰ্ভৰ ক্ৰিকেটাৰগৰাকী।

Also Read: ৰাজ্যত ১ লাখ নিবনুৱাৰ নিযুক্তি; তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে গঠন দুখন সুকীয়া কমিটি

দৰ্শন নালকাণ্ডেই খেলখনত মুঠতে ৪ অভাৰ বল কৰি ২৮ ৰাণৰ বিনিময়ত ৪টা উইকেট দখল কৰে।

উল্লেখ্য যে ঘৰুৱা টী-২০ ক্ৰিকেটত কোনো ভাৰতীয় বলাৰে একেৰাহে চাৰিটা বলত চাৰিটা উইকেট লোৱাৰ অভিলেখ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে কৰ্ণাটকৰ অভিমন্যু মিথুনেও এনে অভিলেখ গঢ়িছে।

মিথুনে ২০১৯চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীৰ ছেমিফাইনেলত হাৰিয়ানাৰ বিৰুদ্ধে ইনিংছৰ অন্তিম অভাৰত একেৰাহে চাৰিটা বলত চাৰিটা উইকেট দখল কৰিছিল।

Also Read: পুনৰ ক্ৰিকেট ফিল্ডত নামিব দাদা! ঘৰুৱা ইডেন গাৰ্ডেনত ক্ৰিকেট ফিল্ডলৈ প্ৰত্যাৱৰ্তন ঘটিব সৌৰভ গাঙ্গুলীৰ!

আনহাতে, চলিত চৈয়দ মুস্তাক আলী ট্ৰফীতে বিদৰ্ভৰ অক্ষয় কাৰ্ণেৱাৰে গ্ৰুপ মেচৰ এখন খেলত ছিকিমৰ বিৰুদ্ধে হেট্ৰিক কৰিছিল।