NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

ক’ভিড যুদ্ধৰ প্ৰথম শাৰীৰ যোদ্ধা আৰক্ষীৰ কাষত বেচৰকাৰী সামাজিক অনুষ্ঠান সূৰ্য্যাংগ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 7, 2021 3:57 pm
England’s Ollie Robinson '

যোৰহাট জিলাৰ অন্যতম বেচৰকাৰী সামাজিক অনুষ্ঠান সূৰ্য্যাংগই ক’ভিড যুদ্ধৰ প্ৰথম শাৰীৰ যোদ্ধা আৰক্ষীসকলক তেওঁলোকৰ মহান ত্যাগ আৰু কষ্টৰ প্ৰতি সন্মান জনাই আজি কিছু সহায়ৰ হাত আগবঢ়ায়।

জিলাখনৰ সদৰ,ভোগদৈ,লাহদৈগড়, টীয়ক থানাৰ লগতে বিভিন্ন স্থানত ৰ’দ বৰষুণ নেউচি নিজৰ কৰ্তব্যত ব্ৰতী হৈ থকা আৰক্ষীসকলক সংগঠনটোৱে মাস্ক,চেনিটাইজাৰ আৰু গ্ল’ভছ্ প্ৰদান কৰে ।

লগতে প্ৰতিগৰাকী আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰি সাধ্য অনুসৰি অনাগত দিনতো সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে।