NORTHEAST NOW (Assamese)
অসম

নিদ্ৰাৰত এজাক হাতীয়ে দৃষ্টি কাঢ়িছে বিশ্বৰ! ক’ত দেখা গ’ল এনে বিৰল ছবি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2021 7:57 am
elepant-sleeping

প্ৰকৃতিৰ ৰুদ্ৰৰূপৰ মাজেৰে জীৱন অতিবাহিত কৰাত অৰণ্যৰ সন্তানসকল অভ্যস্ত। কিন্তু যেতিয়া ক্লান্ত হৈ পৰে তেতিয়া গভীৰ নিদ্ৰাত ঢলি পৰে। এনেদৰে পোৱালিৰ সৈতে নিদ্ৰাৰত এজাক হাতীৰ এক বিৰল ছবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বাতৰি অনুসৰি, চীনৰ য়ুনান প্ৰদেশত লোৱা হৈছে এই নিদ্ৰাৰত হাতীজাকৰ ছবি। এই প্ৰদেশখনৰ সৈতে সংলগ্ন হৈ আছে ম্যানমাৰৰ কাচিন প্ৰদেশ।

দেশ দুখনৰ সীমান্ত অঞ্চলৰ বননিত ১৫টা এছিয়ান হাতীৰ জাকে নিজৰ ইচ্ছামতে গন্তব্যহীনভাৱে ঘুৰি ফুৰিছে। চীনৰ বিশেষজ্ঞসকলে হাতীজাকৰ ওপৰত দৃষ্টি ৰাখিছে।

হাতীৰ জাকটো বিগত পোন্ধৰ মাহ ধৰি ঘুৰি ফুৰা বুলি অনুমান কৰা হৈছে। নিজৰ বসতিৰ পৰা পাঁচশ কিলোমিটাৰ দূৰলৈ এইদৰে পৰিভ্ৰমণ কৰিছে হাতীজাকে।

হাতীজাকটোৰ গতিৰ ওপৰত চীন চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। হাতীকেইটাক নিৰাপদে ৰাখিবলৈ ১৪টা ড্ৰোন আৰু ৫০০জন লোকক নিয়োগ কৰা হৈছে।

য়ুনান প্ৰদেশৰ ৰাজধানী কুনমিঙৰ জিননিং জিলাৰ ওচৰত কেমেৰাত বন্দী হোৱা হাতীৰ জাকটোৰ নিদ্ৰাৰ ছবিয়ে গোটেই বিশ্বতে চমক সৃষ্টি কৰিছে।

জাকটোত থকা ১৫টা হাতীৰ ভিতৰত তিনিটা পোৱালি আছে। এনদৰে নিজৰ বসতিৰ পৰা কোনো হাতীৰ জাকে এইদৰে দীঘলীয়া পথ অতিক্ৰম কৰা এক বিৰল ঘটনা আৰু বিশেষজ্ঞসকলৰ মতে এয়া এক গৱেষণাৰ বিষয়।

চীন চৰকাৰৰ ফালৰ পৰা হাতীৰ জাকটোক য়ুনানৰ মেনগিয়াজিং ৰাষ্ট্ৰীয় প্ৰাকৃতিক বনাঞ্চললৈ উভতাই নিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে যদিও বনৰীয়া হাতীৰ জাকটোৱে নিজৰ ইচ্ছামতে গতি কৰিছে। তাৰমাজতে সিঁহতৰ যাত্ৰাৰ বিৰল ছবি ভাইৰেল হৈ পৰিছে।