NORTHEAST NOW (Assamese)
অসম

গেৰান্টি নাই কংগ্ৰেছৰ! কিয় কংগ্ৰেছ এৰি বিজেপিলৈ গ’ল ৰাহুল গান্ধীৰ ঘনিষ্ঠ জিতিন প্ৰসাদ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2021 8:54 am
Jitin Prasad

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যিসময়ত সকলো সংঘাত আঁতৰাই দলটোক শক্তিশালী কৰি তোলাৰ বাবে প্ৰচেষ্টা চলাইছে, তেনে সময়তে কংগ্ৰেছ এৰি বিজেপিত যোগ দিলে এগৰাকী হেভিৱেট নেতা জিতিন প্ৰসাদে।

উল্লেখ্য যে ২০০০চনত কংগ্ৰেছ সভাপতি নিৰ্বাচনত ছোনিয়া গান্ধীক প্ৰত্যাহ্বান জনাই বিতৰ্কলৈ আহিছিল জিতিন প্ৰসাদৰ পিতৃ জিতেন্দ্ৰ প্ৰসাদে।

এইবাৰ পুত্ৰ ৪৭বছৰীয়া জিতিনে উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ আৰু প্ৰায় এবছৰ থকাৰ সময়তে কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত।

হঠাতে কিয় এইদৰে কংগ্ৰেছ এৰি দিলে জিতিন প্ৰসাদে। দলৰ এক সূত্ৰৰ মতে নেতাগৰাকী উত্তৰ প্ৰদেশৰ বিশেষকৈ চাহাৰানপুৰত দলৰ কামকাজত অসন্তুষ্ট হৈ পৰিছিল।

দলৰেই এগৰাকী জ্যেষ্ঠ নেতাই দাবী কৰি কয় যে সমাজবাদী পাৰ্টিৰ পৰা কংগ্ৰেছলৈ অহা সকলে দলত অধিক গুৰুত্ব পোৱাৰ বিপৰীতে সুদীৰ্ঘদিন ধৰি কংগ্ৰেছত থাকি প্ৰতিকূলতাৰ মাজতো দলটো ধৰি ৰখা নেতাসকল গুৰুত্বহীন হৈ পৰিছে। ইয়াতেই অসন্তুষ্ট হৈ পৰিছিল জিতিন প্ৰসাদ।

ইউপিএৰ কাৰ্যকালত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আছিল আৰু দলৰ ভিতৰত ব্ৰাহ্মণ মুখ হিচাপে পৰিচিত আছিল।

টীম ৰাহুল গান্ধীৰ গুৰুত্বপূৰ্ণ সদস্য জিতিন প্ৰসাদৰ কংগ্ৰেছ ত্যাগক লৈ ব্যাপক চৰ্চা চলিছে। ২০২০ত আন এগৰাকী কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগ দিয়াৰ পাছত এইবাৰ জিতিন প্ৰসাদৰ বিজেপি গমনে কংগ্ৰেছৰ বাবে ক্ষতি কৰাৰ বিপৰীতে বিজেপিক উৎফুল্লিত কৰিছে।